অসমীয়াঅসম

শোকাবহ! দুপৰীয়া ঘৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি কিশোৰ ধনঞ্জয়ৰ…

নিউজ ডেস্কঃ ব্ৰহ্মপুত্ৰৰ বুকুত গা ধুবলৈ নামি সলিল সমাধি ঘটিল এজন কিশোৰ ছাত্ৰৰ।

মঙলবাৰে হাজোৰ পূব শুৱালকুছিৰ কৈৱৰ্তপাৰাত ছাত্ৰজনৰ সলিল সমাধি ঘটাৰ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলায়।

জানিব পৰা মতে, দুপৰীয়া প্ৰায় ১২ বজাত কৈৱৰ্তপাৰাৰ নিৱাসী নিৰেণ দাস আৰু অণিমা দাসৰ পুত্ৰ ধনঞ্জয় দাসে (১৪) ঘৰৰ কাষতে থকা ব্ৰহ্মপুত্ৰত গা ধুবলৈ নামিছিল।

কিন্তু দ পানীত পৰি ধনঞ্জয় নৈত ডুব যায়।

image 142

ইফালে নাতিদূৰৈত মাছ মাৰি থকা এজন ব্যক্তিয়ে কিশোৰজনক পানীত ডুব যোৱা দেখি উদ্ধাৰৰ বাবে দৌৰি আহে যদিও উদ্ধাৰৰ পূৰ্বেই পানীৰ তলত সোমাই পৰে ধনঞ্জয়।

পিছত কিশোৰজনৰ বৰদেউতাকে নৈৰ বুকুৰ পৰা উদ্ধাৰ কৰে ধনঞ্জয়ৰ মৃতদেহটো।

উল্লেখ্য যে, মৃত ধনঞ্জয় শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল।

ছাত্ৰজনৰ মৃত্যুৱে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক শোকাহত কৰিছে।