অসমীয়াৰাষ্ট্ৰীয়

প্ৰেৰণাদায়ক! দৰিদ্ৰতা-শাৰীৰিক প্ৰত্যাহ্বানক নেওচি IAS বিষয়া হ’ল উম্মুল, এতিয়ালৈকে সম্পন্ন শৰীৰৰ ৮টা অস্ত্ৰোপচাৰ…

নিউজ ডেস্কঃ দৰিদ্ৰতা আৰু শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে এদিন তেওঁ মানসিকভাৱে ভাগি পৰিছিল।

কিন্তু জীৱনটো পুনৰ নতুনকৈ আৰম্ভ কৰি আজি অশেষ পৰিশ্ৰম আৰু অধ্যাৱসায়ৰ বলত আইএএছ বিষয়া হিচাপে কৰ্তব্যৰত হৈ আছে।

তেওঁৰ নাম উম্মুল খেৰ। মূলতঃ ৰাজস্থানৰ পালিৰ নিৱাসী উম্মুলৰ আইএছৰ যাত্ৰা আছিল সচাই কঠিন।

image 143

ব’ন ফ্ৰেগিল ডিছ’ৰ্ডাৰ নামৰ এক ৰোগত আক্ৰান্ত আছিল উন্মুল। এই ৰোগত শৰীৰৰ হাড় দুৰ্বল হৈ পৰে আৰু সহজতে ভাঙি যায়।

যাৰ বাবে হুইল চেয়াৰতে আৱদ্ধ হৈ পৰিছিল উম্মুলৰ জীৱন। উন্মুলৰ এতিয়ালৈকে মুঠ ৮টা অস্ত্ৰোপচাৰ সম্পন্ন হৈছে আৰু ১৬ বাৰ তেওঁৰ হাড় ভাগিছে।

image 144

পৰিয়ালটোও আছিল আৰ্থিকভাৱে অতি দুৰ্বল। সৰু ব্যৱসায় কৰা পিতৃয়ে কোনোমতে পোহপাল দিছিল পৰিয়ালটোক।

উম্মুল সৰু হৈ থাকোতেই তেওঁৰ পিতৃয়ে পৰিয়ালসহ দিল্লীৰ নিজামুদ্দিন অঞ্চলৰ এটা বস্তিৰ জুপুৰীত থাকিবলৈ লয়।

কিন্তু কিছু বছৰৰ পিছতে চৰকাৰৰ নিৰ্দেশত জুপুৰীসমূহ ভাঙি পেলোৱাত পৰৱৰ্তী সময়ত ত্ৰিলোকপুৰীৰ বস্তি অঞ্চলত থাকিবলৈ লয় উম্মুল আৰু পৰিয়ালটোৱে।

image 145

কিন্তু উম্মুলৰ জীৱনৰ আটাইতকৈ কঠিৰ প্ৰত্যাহ্বান আহে তেতিয়া তেওঁৰ মাতৃৰ মৃত্যু ঘটে।

মাতৃৰ মৃত্যুৰ পিছতে দ্বিতীয় বিবাহ কৰায় তেওঁৰ পিতৃয়ে। কিন্তু মাহীমাকে কোনোপধ্যেই বিচৰা নাছিল উম্মুলে অধ্যয়ন কৰাটো।

আনকি মাহীমাকৰ কথাত পিতৃয়েও উম্মুলৰ পঢ়াৰ বিৰোধিতা কৰে আৰু পৰিয়াল পৰিচালনাৰ বাবে কাম কৰিবলৈ পৰামৰ্শ দিয়ে।

কিন্তু উম্মুলৰ এটা সপোন আছিল। সেই সপোন কোনোপধ্যেই তেওঁ ত্যাগ কৰিব বিচৰা নাছিল।

image 146

যাৰ বাবে অৱশেষত ঘৰৰ পৰা আতৰি পৃথকে থকাৰ সিদ্ধান্ত লয় তেওঁ।

মেট্ৰিকত ৯১ শতাংশ আৰু ইণ্টাৰমিডিয়েটত ৯০ শতাংশ নম্বৰ লাভ কৰাৰ পিছত উম্মুল খেৰে দিল্লী বিশ্ববিদ্যালয়ৰ গাৰ্গী মহাবিদ্যালয়ৰ পৰা মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

ইয়াৰ পিছতে তেওঁ জে এন ইউৰ স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজৰ পৰা এম.এ. আৰু এমফিল অধ্যয়ন সম্পূৰ্ণ কৰিলে।

image 147

২০১৪ চনত জাপানত আন্তঃৰাষ্ট্ৰীয় নেতৃত্ব প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে নিৰ্বাচিত হয় উম্মুল খেৰ।

উল্লেখ্য যে, ১৮ বছৰৰ ইতিহাসত ইয়াৰ বাবে নিৰ্বাচিত হোৱা চতুৰ্থগৰাকী ভাৰতীয় মহিলা আছিল উম্মুল খেৰ।

ইফালে অধ্যয়নৰ সমান্তৰালভাৱে জেআৰএফ আৰু ইউপিএছচি পৰীক্ষাৰ বাবেও প্ৰস্তুতি চলাই গৈছিল উম্মুলে।

নিজৰ মেধা আৰু অধ্যাৱসায়ৰ ফলতে ২০১৬ চনত প্ৰথম প্ৰচেষ্টাতে ইউপিএছচিত সফলতা অৰ্জন কৰে উম্মুল খেৰে।