
শোকাবহ! দীপৰ বিলৰ বোকা পানীত আৱদ্ধ হৈ কৰুণ মৃত্যু এটা হাতী পোৱালিৰ, ব্যথিত অঞ্চলবাসী…
নিউজ ডেস্কঃ দীপৰ বিলত শনিবাৰে পুৱাৰ ভাগত এটা হাতী পোৱালিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই ব্যথিত কৰি তুলিছে বন বিভাগৰ লগতে অঞ্চলবাসীক।
পুৱা এটা তহলদাৰী দলে দীপৰ বিলৰ বোকা পানীত আৱদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে প্ৰায় দুমহীয়া হাতীৰ পোৱালিটো।
বন বিভাগৰ দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া ধনেশ্বৰ দলেয়ে সদৰি কৰা অনুসৰি চকৰদৌ মিকিৰপাৰাৰ এলিফেণ্ট কৰিডৰৰে কাষৰীয়া ৰাণী বনাঞ্চলৰ পাহাৰৰ পৰা এটা ১০/১২ জনীয়া হাতীৰ জাক শুকুৰবাৰে সন্ধিয়া খাদ্যৰ সন্ধানত গাতে লগা দীপৰ বিলত নামিছিল।

সেই হাতীৰ জাকটোৰ সৈতেই অহা পোৱালিটোৱে বোকা-পানীত আৱদ্ধ হৈ মৃত্যুক সাৱটি লয় বুলি সন্দেহ কৰিছে বন বিভাগে।
ইফালে মৃত হাতীৰ পোৱালিটো উদ্ধাৰ হোৱাৰ পিছতে বনকৰ্মীয়ে চিৰিয়াখানা কৰ্তৃপক্ষক খবৰ দিয়াত এগৰাকী পশু চিকিৎসকৰ নেতৃত্বত এটা দল ঘটনাস্থলীত উপস্থিত হয়।

পশু চিকিৎসকে মৃত হাতী পোৱালিটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত ওচৰতে সমাধিস্থ কৰা হয়।
হাতী পোৱালিটোৰ মৃত্যুত ব্যথিত অঞ্চলবাসীয়ে ফুল অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।





