অসমীয়াঅসম

আদালতলৈ জীন্স পিন্ধি গৈ ন্যায়াধীশৰ ৰোষত পৰিল অধিবক্তা বিজন মহাজন, আৰক্ষী লগাই কৰা হ’ল বাহিৰ…

নিউজ ডেস্কঃ আদালতৰ নীতি অৱমাননাৰ অভিযোগ জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ বিৰুদ্ধে।

জীন্স পিন্ধি যোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা বাহিৰ কৰি দিয়া হ’ল অধিবক্তাগৰাকীক।

image 86

অধিবক্তা বিজন মহাজনক আদালতৰ বাহিৰত থৈ আহিবলৈ নিৰ্দেশ ন্যায়াধীশৰ।

যোৱা শুকুৰবাৰে সংঘটিত হৈছিল এই ঘটনা।

জীন্স পিন্ধি যোৱা বিজন মহাজনৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল নিহাৰ কুমাৰ দাস নামৰ এজন লোকে।

image 85

ইয়াৰ পিছতে ন্যায়াধীশে আদালতৰ পৰা বাহিৰ কৰি দিয়ে অধিবক্তাগৰাকীক।

ইফালে এই বিষয়টো অৱগত কৰা হৈছে মুখ্য ন্যায়াধীশকো।

বাৰ কাউন্সিলকো অৱগত কৰা হৈছে সমগ্ৰ বিষয় সম্পৰ্কে।