অসমীয়াৰাষ্ট্ৰীয়

শোকাবহ! টোল গেটত খুন্দা মাৰি বাগৰি পৰিল এম্বুলেন্স, ৰোগী আৰু চালকসহ ৪ জনৰ মৃত্যু, ভাইৰেল ভিডিঅ’

নিউজ ডেস্কঃ টোল প্লাজাত নিয়ন্ত্ৰণ হেৰুৱাই এখন এম্বুলেন্সে খুন্দা মৰাৰ ফলত মৃত্যু ঘটে চালকসহ ৪জনকৈ লোকৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ উডুপিৰ কুণ্ডপুৰাৰ সমীপৰ শ্বিৰুত।

দুৰ্ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, এম্বুলেন্সখনে টোল প্লাজা অতিক্ৰম কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই টোলগেটৰ এটা খুঁটাত খুন্দা মাৰে আৰু তাৰ পিছতে পথৰ ওপৰত লুটি খাই পৰে। যাৰ ফলত এম্বুলেন্সখনত থকা এজন ৰোগী আৰু চালকসহ মুঠ ৪ জন লোকে প্ৰাণ হেৰুৱায়।

image 215

এই দুৰ্ঘটনাটো বন্দী হয় টোলগেটত থকা চিচি টিভি কেমেৰাত। য’ত দেখিবলৈ পোৱা মতে, এম্বুলেন্সখনক বাট মুকলি কৰি দিবৰ বাবে টোলকৰ্মীয়ে প্লাষ্টিকৰ বেৰিকেড সমূহ আঁতৰাই আছিল।

সেই সময়তে এম্বুলেন্সখনে টোলগেটৰ এটা খুঁটাত খুন্দা মাৰি বাগৰি পৰে।

image 214

নতুনকৈ নিৰ্মাণ কৰা পথটোৰ ভিজা আলকাটৰাত চকা পিচল খোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, এম্বুলেন্সখনে এজন ৰোগী কঢ়িয়াই হোন্নৱৰৰ পৰা কুণ্ডাপুৰালৈ গৈ আছিল।

এম্বুলেন্সখনৰ ভিতৰত ৰোগীৰ উপৰিও চালক আৰু আন দুজন লোক আছিল। দুৰ্ঘটনাৰ ফলত আটাইকেইজনৰে ঘটনাস্থলীতে মৃত্যু ঘটে।

লগতে চাওকঃ

অৰুণাচল প্ৰদেশত শ্বহীদ NSG কমাণ্ডাে, অগণন লােকৰ উপস্থিতিত সম্পন্ন শেষকৃত্য

G5 2