নিউজ ডেস্ক। অৰুণাচল প্ৰদেশৰ দুৰ্গম ভাৰত-চীন সীমান্তত পুনৰ শ্বহীদ হ’ল এজন ভাৰতীয় সেনা জােৱান।
কৰ্তব্যৰত অৱস্থাতে হৃদক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু ঘটিল নেশ্বনেল ছিকিউৰিটী গাৰ্ড চমুকৈ এনএছজিৰ কমাণ্ডাে বিকেশ গিৰিৰ।
দেশৰ সীমান্তৰ সুৰক্ষাত নিয়ােজিত হৈ শ্বহীদ হােৱা এই বীৰ জােৱানজনৰ ঘৰ বিহাৰৰ চাৰণ জিলাত।
জোৱান জনৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতেই তেওঁৰ গৃহভূমিত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

শ্বহীদ জােৱানজন ভাৰতীয় সেনাৰ বিহাৰ ৰেজিমেণ্টত এনএছজি কমাণ্ডো হিচাপে সেৱা আগবঢ়াই আছিল।
তেওঁ বিহাৰৰ চাৰণ জিলাৰ একমা আৰক্ষী থানাৰ অন্তৰ্গত বেটৱালিয়া গাঁৱৰ বাসিন্দা আছিল।
হৃদৰোগত আক্ৰান্ত হৈয়ে জোৱান জনৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।
সহকৰ্মীসকলে ফোনযোগে পৰিয়ালৰ সদস্যসকলক এই খবৰ দিয়াৰ পিছতে পৰিয়ালটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

মঙলবাৰে, জোৱানজনৰ মৃতদেহ নিজ গৃহলৈ প্ৰেৰণ কৰা হয়। বুধবাৰে শ শ লােকৰ উপস্থিতিত জােৱানজনৰ শেষকৃত্য সামৰিক মৰ্য্যাদাৰে সম্পন্ন কৰা হয়।
উল্লেখযোগ্য যে বিকেশ কুমাৰে মাত্ৰ ৮ বছৰ পূৰ্বে পত্নী প্ৰতিমা দেৱীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।

মৃত্যুৰ সময়ত তেওঁ পত্নী সহ এটা পুত্ৰ আৰু এজনী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে।

পৰিয়ালৰ লোকে জনোৱা মতে দেওবাৰে নিশা পৰিয়ালটোৰ সৈতে হোৱা বাৰ্তালাপত ছুটি লৈ ঘৰলৈ অহাৰ কথা ব্যক্ত কৰিছিল। কিন্তু সেই আশা মনতেই ৰৈ গ’ল বিকেশৰ।
লগতে চাওকঃ
মেট্ৰ’ৰ ভিতৰত ৰীল ভিডিঅ’ বনাই বিপদত যুৱতী…












1 thought on “অৰুণাচল প্ৰদেশত শ্বহীদ NSG কমাণ্ডাে, অগণন লােকৰ উপস্থিতিত সম্পন্ন শেষকৃত্য”
Comments are closed.