শোকাবহ! খৰ্গৰ বাবে বিদ্যুৎস্পৃষ্ট কৰি নিৰ্মমভাৱে হত্যা পোৱালিসহ মাইকী গঁড়ক…

নিউজ ডেস্কঃ নেপালৰ চিতৱান ৰাষ্ট্ৰীয় উদ্যানত খৰ্গৰ বাবে দুটা গঁড়ক হত্যা চোৰাং চিকাৰীৰ।

ৰাষ্ট্ৰীয় উদ্যানখনৰ নৱালপৰাসীৰ মধ্যবিন্দু পৌৰসভাৰ ২নং ৱাৰ্ডৰ মাজেৰে বৈ যোৱা নাৰায়ণী নদীৰ পাৰত শুকুৰবাৰে উদ্ধাৰ হয় গঁড় দুটাৰ মৃতদেহ।

উদ্যানখনৰ তথ্য বিষয়া গণেশ তিৱাৰীয়ে জানিবলৈ দিয়া মতে, চোৰাং চিকাৰীয়ে এটা ১৪ বছৰীয়া মাইকী গঁড়ৰ লগতে তাইৰ ৪ বছৰীয়া পোৱালিটোক হত্যা কৰে।

স্থানীয় লোকে গঁড় দুটাৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পিছতে উদ্যান কৰ্তৃপক্ষৰ লগতে নেপাল সেনাবাহিনীক খবৰ দিয়ে।

প্ৰাথমিক তথ্য অনুসৰি, চোৰাং চিকাৰীয়ে খৰ্গৰ বাবে বিদ্যুৎস্পৃষ্ট কৰি গঁড় দুটাক হত্যা কৰে।

এই গঁড় হত্যাৰ তদন্ত অব্যাহত ৰাখিছে চিতৱান ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।

উল্লেখ্য যে, চলিত বিত্তীয় বৰ্ষত চিতৱান ৰাষ্ট্ৰীয় উদ্যানত মুঠ ১০টা এশিঙীয়া গঁড়ৰ মৃত্যু ঘটিছে।

ইয়াৰে ৭টা গঁড়ৰ মৃত্যু প্ৰাকৃতিক কাৰণত ঘটাৰ বিপৰীতে এটাৰ বিদ্যুৎস্পৃষ্ট হৈ আৰু দুটা গঁড়ক চোৰাং চিকাৰীয়ে হত্যা কৰিছে।