নিউজ ডেস্কঃ কাটাতাঁৰ পাৰ হৈ অসমত প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গুৱাহাটী আৰক্ষীয়ে।
শুকুৰবাৰে পল্টনবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল আমিন লটাৰ নামৰ বাংলাদেশী নাগৰিকজনক।
আৰক্ষীয়ে জানিব পৰা মতে, নগাঁৱৰ ঠিকনাত ভুৱা আধাৰ কাৰ্ড বনাই অসমত প্ৰৱেশ কৰিছিল আব্দুলে।
ধৃত লোকজনৰ ঘৰ বাংলাদেশৰ সুমনগঞ্জ জিলাত বুলি জানিবলৈ দিছে আৰক্ষীয়ে।
ইফালে অভিযুক্ত বাংলাদেশী নাগৰিকজনে পূৰ্বে ভুৱা আধাৰকাৰ্ডৰ সহায়ত দিল্লী আৰু কাশ্মীৰতো প্ৰৱেশ কৰিছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে অবৈধ অনুপ্ৰৱেশকাৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।