শোকাবহ! কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে উপ-আৰক্ষী অধীক্ষকৰ বাহনৰ তলত সোমাই মৃত্যু আৰক্ষী জোৱানৰ…

নিউজ ডেস্কঃ উপ আৰক্ষী অধীক্ষকৰ বাহনৰ তলত পিষ্ট হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটিল এগৰাকী আৰক্ষী জোৱানৰ।

শনিবাৰে বিহাৰৰ দাৰভংগাৰ ব্লক মুখ্য কাৰ্যালয়ত অৱস্থিত আৰক্ষী থানাৰ সন্মুখত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত জোৱানজনৰ দেওবাৰে নিশা মৃত্যু ঘটে হাস্পতালত।

নিহত আৰক্ষী জোৱানজনৰ পৰিচয় চৰফৰাজ আনছাৰী বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, উপ-আৰক্ষী অধীক্ষকৰ আৱাসিক চৌহদৰ নিৰাপত্তাৰক্ষীৰূপে নিয়োজিত জোৱান চৰফৰাজ আনছাৰীয়ে শনিবাৰে উপ-আৰক্ষী অধীক্ষকৰ বাহনৰ উঠি নিৰ্মলী থানালৈ আহিছিল।

থানাৰ সন্মুখত জোৱানজনে গাড়ীৰ পৰা নামি থিয় হৈ থকা সময়তে বাহন চালকজনে গাড়ীখন পিছুৱাবলৈ লওতেই গাড়ীৰ তলত সোমাই পৰে জোৱানজন।

image 108
শোকাবহ! কৰ্তব্য সম্পাদন কৰি থকাৰ সময়তে উপ-আৰক্ষী অধীক্ষকৰ বাহনৰ তলত সোমাই মৃত্যু আৰক্ষী জোৱানৰ… 2

এই দুৰ্ঘটনাত ভৰি আৰু বুকুত গুৰুতৰভাৱে আঘাত পোৱা জোৱানজনক লগে লগে দাৰভংগাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে দেওবাৰে নিশা মৃত্যু ঘটে চৰফৰাজ আনছাৰীৰ।

জানিব পৰা মতে, উত্তৰ প্ৰদেশৰ গাজীপুৰ জিলাৰ নিৱাসী আৰক্ষী জোৱানজনৰ মৃত্যু সন্দৰ্ভত নিৰ্মলী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে।

ইতিমধ্যে আৰক্ষীয়ে বাহন চালকজনৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।