চাঞ্চল্যকৰ! জীয়েকক চলোৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি জোঁৱায়েকক ঘপিয়াই হত্যা শহুৰেকৰ…

নিউজ ডেস্কঃ কন্যাক কৰা অত্যাচাৰ সহ্য কৰিব নোৱাৰি শহুৰেকে হত্যা কৰিলে জোঁৱায়েকক।

এই চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে শিৱসাগৰ জিলাৰ ঘিলাগুৰিত।

জানিব পৰা মতে, জেহিৰুদ্দিন আহমেদৰ কন্যাক ১২ বছৰ পূৰ্বে বিয়া দিছিল ঘিলাগুৰিৰ মুজাম্মিল খানৰ সৈতে।

কিন্তু বিয়াৰ পিছতে পৰা কন্যাক শাৰীৰিক-মানসিকভাৱে অত্যাচাৰ চলাই আহিছিল মুজাম্মিলে।

image 109
চাঞ্চল্যকৰ! জীয়েকক চলোৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি জোঁৱায়েকক ঘপিয়াই হত্যা শহুৰেকৰ… 2

মুজাম্মিল আৰু তেওঁৰ পৰিয়ালৰ অত্যাচাৰতে মাতৃগৃহলৈ গুচি আহিছিল জেহিৰুদ্দিনৰ কন্যাই।

কিন্তু শেহতীয়াকৈ মুজাম্মিলেও আহি থাকিবলৈ লৈছিল জেহিৰুদ্দিনৰ ঘৰত।

সোমবাৰে নিশা মুজাম্মিলে সুৰাপান কৰি ঘৰত উদ্ভণ্ডালি কৰাৰ লগতে পত্মীক প্ৰাণে মৰাৰ ভাবুকিও প্ৰদান কৰে।

তাৰ পিছতে ক্ষুব্ধ হৈ জেহিৰুদ্দিনে ঘপিয়াই হত্যা কৰে জোঁৱায়েক মুজাম্মিলক।

ইয়াৰ পিছতে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হত্যাকাৰী জেহিৰুদ্দিনে।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মুজাম্মিলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

জানিব পৰা মতে, ঘটনা সন্দৰ্ভত মুজাম্মিলৰ পৰিয়লাৰ লোকে কোনো এজাহাৰ দাখিল কৰা নাই।