শোকাবহ! এলঅ’চিৰ সমীপত কৰ্তব্য পালন কৰি থকা সময়তে আকস্মিক গ্ৰেণেড বিস্ফোৰণত শ্বহীদ ২ ভাৰতীয় সেনা জোৱান

নিউজ ডেস্কঃ জম্মু-কাশ্মীৰত পুনৰ শ্বহীদ ভাৰতীয় জোৱান! সোমবাৰে পুঞ্চ জিলাৰ মান্ধাৰ ছেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সংঘটিত এক আকস্মিক গ্ৰেণেড বিস্ফোৰণত শ্বহীদ হয় এগৰাকী সেনা অধিনায়ক আৰু এগৰাকী নায়ব চুবেদাৰ (জেচিঅ’)।

প্ৰতিৰক্ষা জনসংযোগ কাৰ্যালয়ে জানিবলৈ দিয়া মতে, দুয়োগৰাকী সেনা জোৱান গ্ৰেণেড বিস্ফোৰণত আহত হোৱাৰ পিছত ততাতৈয়াকৈ উধমপুৰৰ হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে দুয়োগৰাকীকে মৃত ঘোষণা কৰে।

punch
শোকাবহ! এলঅ’চিৰ সমীপত কৰ্তব্য পালন কৰি থকা সময়তে আকস্মিক গ্ৰেণেড বিস্ফোৰণত শ্বহীদ ২ ভাৰতীয় সেনা জোৱান 2

শ্বহীদ সেনা দুগৰাকীক ক্ৰমে কেপ্টেইন আনন্দ আৰু নায়ব চুবেদাৰ ভগৱান সিং বুলি জানিব পৰা গৈছে।

জম্মুৰ প্ৰতিৰক্ষা জনসংযোগ কাৰ্যালয়ৰ এগৰাকী বিষয়াই কয়, “যোৱা নিশা পুঞ্চৰ মান্ধাৰ ছেক্টৰত সেনাই নিয়ন্ত্ৰণ ৰেখাৰ কাষত কৰ্তব্য পালন কৰি থকাৰ সময়তে এটা আকস্মিক গ্ৰেনেড বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ ফলত কেইবাগৰাকীও জোৱান আহত হয়। চিকিৎসাৰ সময়ত এগৰাকী সেনা বিষয়া আৰু এজন জেচিঅ’ মৃত্যুমুখত পৰে।”

লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল