শোকাবহ! অভাৰেটক কৰিবলৈ গৈ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্কঃ এখন বাহনক অভাৰটেক কৰিবলৈ গৈ বাৰিষাৰ উফন্দি উঠা নৈত বাগৰি পৰিল এখন যাত্ৰীবাহী বাছ। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ধাৰ জিলাত।

জিলাখনৰ ইন্দোৰ-খাৰগোণ পথৰ ধমনোদৰ খালঘাটৰ সমীপত দুইলেনযুক্ত দলঙৰ ৰেলিং ভাঙি নৰ্মদা নদীত বাগৰি পৰে এখন যাত্ৰীবাহী বাছ।

পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনা। উদ্ধাৰ অভিযান চলাই বাছখনৰ পৰা ১৩ জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন হৈ আছে আন বহু যাত্ৰী।

image 178
শোকাবহ! অভাৰেটক কৰিবলৈ গৈ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ 7

জানিব পৰা মতে, খালঘাটৰ দুইলেনযুক্ত দলঙত এখন বাহনক অভাৰটেক কৰিবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় যাত্ৰীবাহী বাছখনে। যাৰ ফলত দলঙৰ ৰেলিং ভাঙি ভৰা নৰ্মদা নদীত বাগৰি পৰে বাছখন।

ইন্দোৰৰ পৰা পুনে (অমলনেৰ) অভিমুখে বাছখন গৈ থকাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা।

image 181
শোকাবহ! অভাৰেটক কৰিবলৈ গৈ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ 8

বাতৰি অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাছখনত আছিল মহিলা আৰু শিশুসহ মুঠ ৪০ জন যাত্ৰী। দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

বৰ্তমানলৈকে উদ্ধাৰ হোৱা নিহত সকলৰ ভিতৰত আছে ৮ জন পুৰুষ, ৪ গৰাকী মহিলা আৰু এটি শিশু। মৃতকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।

image 179
শোকাবহ! অভাৰেটক কৰিবলৈ গৈ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ 9

গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই ১৫ জন যাত্ৰীক জীৱিত অৱস্থাত উলিয়াই অনাৰ দাবী কৰিছে। কিন্তু সেই স্থানত উপস্থিত থকা এম্বুলেন্সখনৰ চালকে জনোৱা মতে, এতিয়ালৈকে এজনো যাত্ৰী জীৱিত উদ্ধাৰ হোৱা নাই।

দুৰ্ঘটনাটোৰ তথ্য পোৱাৰ লগে লগে খালঘাটকে ধৰি চাৰিওফালৰ লোকসকল সেই স্থানত উপস্থিত হয়। ইন্দোৰ আৰু ধাৰৰ পৰা এন ডি আৰ এফ দল ঘটনাস্থলীত উপস্থিত হয়।

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰশাসনক উদ্ধাৰ আৰু সাহায্যৰ কামৰ নিৰ্দেশ দিছে।

জানিব পৰা মতে, দুৰ্ঘটনাত পতিত বাছখন মাহাৰাষ্ট্ৰ পৰিবহন নিগমৰ। সেয়েহে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ সৈতে ফোনযোগে আলোচনা কৰে।

image 180
শোকাবহ! অভাৰেটক কৰিবলৈ গৈ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ 10

বাছ দুৰ্ঘটনাৰ বিষয়ে তথ্য দি তেওঁ কয় যে সকলো মৃতদেহ সন্মানসহকাৰে মহাৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা হ’ব। শিৱৰাজে তেওঁলোকক প্ৰশাসনৰ প্ৰচেষ্টাৰ বিষয়ে অৱগত কৰে।

লগতে চাওকঃ

দুঃসাহসিক! চাইকেলসহ নৈত পৰিল এজন লােক, নৈত জাঁপ দি জীৱন ৰক্ষা কৰিলে দীপিকাই…

G3 1
শোকাবহ! অভাৰেটক কৰিবলৈ গৈ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ 11

পথৰ ওপৰত গড়কাপ্তানী বিভাগে পেলাই থোৱা মাটিৰ দমত খুন্দা মাৰি মৃত্যুক সাৱটিলে নীলােৎপলে…

G1 4
শোকাবহ! অভাৰেটক কৰিবলৈ গৈ নৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, এতিয়ালৈকে ১৩ জনৰ মৃতদেহ উদ্ধাৰ 12