শোকাবহ! উত্তৰ প্ৰদেশত থকা আত্মীয়ৰ বিয়া খাবলৈ গৈ আৰু ঘূৰি নাহিল অসমৰ ইক্ৰামূল, পথ দুৰ্ঘটনাই কাঢ়ি নিলে প্ৰাণ…

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশত থকা আত্মীয়ৰ বিয়া খাবলৈ গৈ ঘৰলৈ আৰু ঘূৰি নাহিল অসমৰ এজন যুৱক।

উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ আজিমগড় থানাৰ খাউডত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ঘটে ইক্ৰামুল শ্বেখ নামৰ অসমৰ যুৱকজনৰ।

জানিব পৰা মতে, নিহত ইক্ৰামূলৰ ঘৰ কলিয়াবৰৰ জখলাবন্ধাত।

বাতৰি অনুসৰি, উত্তৰ প্ৰদেশৰ মুৰাদাবাদত থকা আত্মীয়ৰ বিবাহ অনুষ্ঠানলৈ গৈছিল ইক্ৰামূলে।

বিয়াৰ পূৰ্বে আত্মীয়ৰ সৈতে বাইকেৰে বজাৰ কৰিবলৈ যাওতেই আন এখন বাইকৰ সৈতে দুৰ্ঘটনাত পতিত হয় ইক্ৰামূল।

এই দুৰ্ঘটনাত ইক্ৰামূলৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ৪ জনো গুৰুতৰভাৱে আহত হয়।

বহিঃৰাজ্যত ইক্ৰামূলৰ এনে দুৰ্ভাগ্যজনক মৃত্যুৱে শোকস্তব্ধ কৰিছে পৰিয়ালক।