বিপদত আজমল! হিন্দুক অপমান কৰা সাংসদগৰাকীৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীক নিৰ্দেশ আদালতৰ…

নিউজ ডেস্কঃ বিপদত বদৰুদ্দিন আজমল।

সাংসদ আজমলৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীক নিৰ্দেশ আদালতৰ।

বুধবাৰে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে প্ৰদান কৰিলে এই নিৰ্দেশ।

অসম জাতীয় পৰিষদে আদালতত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আজমলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ মুখ্য ন্যায়িক দণ্ডাধীশ প্ৰাণজিৎ হাজৰিকাৰ আদালতৰ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে হিন্দুক লৈ আপত্তিজনক মন্তব্য কৰিছিল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে।

হিন্দুক অপমান কৰাৰ অভিযোগত হাতীগাঁও থানাত আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল অজাপ নেতা দুলু আহমেদে।

কিন্তু আৰক্ষীয়ে সাংসদগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰাত আদালতৰ দাৰস্থ হৈছিল অসম জাতীয় পৰিষদ।

অজাপৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰিয়েই বুধবাৰে গোচৰ পঞ্জীয়ন কৰি তদন্ত চলাবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে আদালতে।