শোকাবহ! ইটা ভাটাত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু ডাম্পাৰ চালকৰ…

নিউজ ডেস্কঃ ডাম্পাৰৰ মবিল পৰীক্ষা কৰি থকাৰ সময়তে আন এখন ডাম্পাৰে আহি খুন্দা মৰাত কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন ডাম্পাৰ চালকে।

এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় কাছাৰ জিলাৰ ধলাই আৰক্ষী থানাৰ অন্তৰ্গত স্বৰবালা ইটা ভাটাত।

নিহত ডাম্পাৰ চালকজনক ৰাজনগৰৰ বাসিন্দা ২৭ বছৰীয়া আনাৰুল আলম লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, সোমবাৰে পুৱা ইটা ভাটাত আনাৰুলে ডাম্পাৰখন উলিয়াই অনাৰ পূৰ্বে বনেট খুলি ইঞ্জিনৰ মবিল পৰীক্ষা কৰি আছিল।

সেই সময়তে একেজন মালিকৰ আন এখন ডাম্পাৰে যুৱকজনক খুন্দা মৰাত গুৰুতৰভাৱে আহত হয় আনাৰুল।

লগে লগে যুৱকজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যোৱা হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যু ঘটে আনাৰুল আলম লস্কৰৰ।

পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আনাৰুলৰ হঠাৎ মৃত্যুৱে সমগ্ৰ অঞ্চলটো শোকৰ ছাঁ পেলাইছে।