মৰ্মান্তিক! পথ পাৰ হ’বলৈ লওতেই মহটিয়াই লৈ গ’ল তীব্ৰবেগী বাইকে, দুই কণমানি কন্যাসহ মৃত্যু মাতৃৰ…

নিউজ ডেস্কঃ পথ পাৰ হ’বলৈ লওতেই দুই কণমানি কন্যাসহ অকাল মৃত্যুক সাৱটিলে এগৰাকী মাতৃয়ে।

এই হৃদয় বিদাৰক দুৰ্ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত সোণাৰিবালি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথত।

দুৰ্ঘটনাত নিহত মাতৃ-কন্যাত্ৰয়ক সোণাৰিবালি নিৱাসী মাম্পি বণিক (৩৪) আৰু তেওঁৰ দুই কন্যা সুপ্ৰিয়া বণিক (৮) আৰু তেজশ্ৰী বণিক (৩) বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, সোমবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত দুই কন্যাসহ মহিলাগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লওতেই এখন তীব্ৰবেগী বাইকৰ খুন্দাত তিনিওগৰাকী গুৰুতৰভাৱে আহত হয়।

এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত মাতৃ আৰু দুই কন্যাক নগাঁৱলৈ প্ৰেৰণ কৰে যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰা হয়।

কিন্তু হাস্পতাল পোৱাৰ পূৰ্বেই মৃত্যুক সাৱটি লয় মাতৃ মাম্পি বণিকে।

ইফালে দুই কন্যাক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত জিএমচিএইচলৈ অনা হয় যদিও পুৱা চিকিৎসাধীন অৱস্থাতে মৃত্যুৰ কোলাত শুই পৰে কণমানি দুটিয়েও।

অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰা এএছ ০২এজি ২০১৬ নম্বৰৰ বাইকখনৰ আৰোহী যুৱকজনো বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।