শোকাবহ! অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অকণমানি বৰুৱা গগৈৰ দেহাৱসান, মৰণোত্তৰভাৱে মৃতদেহ দান GMCHক…

নিউজ ডেস্কঃ হাওৰাঘাট ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সহকাৰী প্ৰধান শিক্ষয়িত্ৰী তথা টীয়কৰ বিশিষ্ট সমাজকৰ্মী অকণমানি বৰুৱা গগৈয়ে শুকুৰবাৰে পুৱা প্ৰায় ৪ বজাত হাওৰাঘাটৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে।

বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা ৭৩ বৰ্ষীয় অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীগৰাকীৰ শেষ ইচ্ছা অনুসৰি মৰণোত্তৰভাৱে তেওঁৰ নশ্বৰ দাহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক দান কৰে পৰিয়ালৰ লোকে।

এই উপলক্ষ্যে অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অকণমানি বৰুৱা গগৈৰ মৃতদেহ মৰ্যাদাসহকাৰে গ্ৰহণ কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনটমী বিভাগৰ মুৰব্বী অধ্যাপক ডা০ সত্যজিত মিশ্ৰই।

এই অনুষ্ঠানত জিএমচিএইছৰ উপাধ্যক্ষ ডা০ জয়দেৱ শৰ্মা, এনাটমী বিভাগৰ অধ্যাপক-অধ্যাপিকাসকলৰ লগতে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, সম্পাদক চিন্ময় বৰা, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।