আইন সকলোৰে বাবে…! চিটবেল্ট পৰিধান নকৰাৰ অপৰাধত জৰিমণা ভৰিবলগীয়া হ’ল এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে…

নিউজ ডেস্কঃ গাড়ীত চিলবেল্ট পৰিধান নকৰাৰ বাবেই আৰক্ষীৰ ৰোষত পৰিল এখন দেশৰ প্ৰধানমন্ত্ৰী।

চলন্ত গাড়ীত চিল্টবেল্ট পৰিধান নকৰাৰ অপৰাধত জৰিমণা ভৰিবলগীয়া হ’ল ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চিট বেল্ট পৰিধান নকৰাৰ এটা ভিডিঅ’ প্ৰচাৰ হোৱাৰ পিছতে তেওঁক ১০০ পাউণ্ডৰ জৰিমণা বিহি জাননী জাৰি কৰে লেংকাশ্বাৰ আৰক্ষীয়ে।

দৰাচলতে বৃহস্পতিবাৰে উত্তৰ-পশ্চিম ইংলেণ্ডত গাড়ীৰ পিছফালে বহি এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল প্ৰধানমন্ত্ৰী ঋষি সুনাকে।

কিন্তু ভিডিঅ’টো শ্বুটিঙৰ সময়ত তেওঁ খুলি ৰাখিছিল গাড়ীৰ চিটবেল্ট।

যাৰ বাবে পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীগৰাকীক জৰিমণা বিহে আৰক্ষীয়ে।

image 56
আইন সকলোৰে বাবে…! চিটবেল্ট পৰিধান নকৰাৰ অপৰাধত জৰিমণা ভৰিবলগীয়া হ’ল এখন দেশৰ প্ৰধানমন্ত্ৰীয়ে… 2

ইফালে ভিডিঅ’ৰ দৃশ্যগ্ৰহণৰ সময়ত চিটবেল্ট খুলি ৰখাটো ভুল আছিল বুলি ইতিমধ্যে ক্ষমা খুজিছে প্ৰধানমন্ত্ৰী ঋষি সুনাকে।

এখন দেশৰ প্ৰধানমন্ত্ৰীক চিটবেল্ট পৰিধান নকৰাৰ অপৰাধত এনেদৰে জৰিমণা বিহা কাৰ্যই এতিয়া চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বতে।

লগতে ব্ৰিটেইনৰ আইন সকলোৰে বাবে যে সমান, সেয়া আৰক্ষীৰ এনে পদক্ষেপৰ জৰিয়তে প্ৰমাণ হোৱা বুলিও মন্তব্য কৰিছে অনেকে।

উল্লেখ্য যে, ব্ৰিটেইনত চিটবেল্ট পৰিধান নকৰিলে যান-বাহন আইন উলংঘাৰ অপৰাধত ঠাইতে ১০০ পাউণ্ড জৰিমণা বিহা হয়।

আনহাতে যদি এই গোচৰ আদালত পায়গৈ তেন্তে জৰিমণাৰ পৰিমাণ ৫০০ পাউণ্ড পৰ্যন্ত বৃদ্ধি পাব পাৰে।