শোকাবহ! অট্টালিকাৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে গাৰ ওপৰত চাদ খহি পৰি মৃত্যু ২ শ্ৰমিকৰ

নিউজ ডেস্কঃ এটা অট্টালিকা ভাঙি থাকোতেই হঠাৎ গাৰ ওপৰত চাদ খহি পৰি প্ৰাণ গ’ল দুজনকৈ শ্ৰমিকৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ মাৰাডুত।

বুধবাৰে পুৱা মাৰাডুৰ এটা অট্টালিকাৰ পুনৰ নিৰ্মাণ কাৰ্যত জড়িত ৪ জন শ্ৰমিকৰ গাৰ ওপৰত ভাঙি পৰে অট্টালিকাটোৰ এখন চাদ।

এই দুৰ্ঘটনাত দুজন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন শ্ৰমিক।

attalika
শোকাবহ! অট্টালিকাৰ পুনৰ নিৰ্মাণৰ কাম চলি থকাৰ সময়তে গাৰ ওপৰত চাদ খহি পৰি মৃত্যু ২ শ্ৰমিকৰ 2

নিহত শ্ৰমিক দুজনৰ পৰিচয় ওড়িশাৰ শংকৰ (২৫) আৰু সুশান্ত (৩৫) বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে আহত দুজনক উদ্ধাৰ কৰি নিকটৱৰ্তী হাস্পতাললৈ প্ৰেৰণ কৰে।

এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।