ভাৰতক সমৃদ্ধ কৰিবলৈ মুদ্ৰা নোটত মহাত্মা গান্ধীৰ লগতে মা লক্ষ্মী আৰু গণেশৰ ফটোও সংলগ্ন কৰিবলৈ আহ্বান অৰবিন্দ কেজৰিৱালৰ…

নিউজ ডেস্কঃ ভাৰতীয় মুদ্ৰা নোটত মহাত্মা গান্ধীৰ লগতে হিন্দু দেৱতা লক্ষ্মী আৰু গণেশৰ ফটোও অন্তৰ্ভূক্ত কৰিবলৈ আহ্বান দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

অৰ্থনৈতিক দুৰৱস্থাই দেশ গ্ৰাস কৰাৰ সময়ত ভাৰতলৈ পুনৰ সমৃদ্ধি আনিবলৈ হিন্দু দেৱী-দেৱতাৰ ফটো মুদ্ৰা নোটত সংলগ্ন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় কেজৰিৱালে।

তেওঁ কয়, ‘আমি সকলোৱে দেখিছো যে আমাৰ অৰ্থনীতি সুস্থ হৈ উঠিব পৰা নাই। আমি সকলোৱে বিচাৰো যে ভাৰত এখন উন্নত দেশ হওক আৰু তাৰ বাবে বহুত কাম কৰাটো প্ৰয়োজন। কিন্তু সকলো প্ৰচেষ্টা তেতিয়াহে সফল হ’ব যেতিয়া আমাৰ ওপৰত দেৱ-দেৱীৰ কৃপা থাকিব।’

তেওঁৰ লগতে কয়, ‘আজি মই কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছো যে আমাৰ মুদ্ৰাৰ এফালে গান্ধীজীৰ ছবি আছে, যিদৰে আছে তেনেকৈয়ে ৰাখিব লাগে, কিন্তু আনফালে দেৱী লক্ষ্মী আৰু গণেশৰ ছবি অন্তৰ্ভুক্ত কৰিব লাগে।’

এক সংবাদমেল সম্বোধন কৰি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক গৰাকীয়ে কয় যে তেওঁ মুদ্ৰাৰ নোট সলনি কৰিবলৈ কোৱা নাই, বৰঞ্চ লক্ষ্মী আৰু গণেশৰ ফটো সন্নিৱিষ্ট কৰিবলৈহে অনুৰোধ কৰিছে।

image 205
ভাৰতক সমৃদ্ধ কৰিবলৈ মুদ্ৰা নোটত মহাত্মা গান্ধীৰ লগতে মা লক্ষ্মী আৰু গণেশৰ ফটোও সংলগ্ন কৰিবলৈ আহ্বান অৰবিন্দ কেজৰিৱালৰ… 2

কেজৰিৱালে কয় যে এই দুই দেৱতা ধন-সম্পত্তি আৰু সমৃদ্ধিৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়।

ইণ্ডোনেছিয়াৰ উদাহৰণ দি কেজৰিৱালে কয়, ‘ইণ্ডোনেছিয়া মুছলমান সংখ্যাগৰিষ্ঠ দেশ আৰু ইয়াত মাত্ৰ ২-৩ শতাংশ হিন্দু আছে আৰু তেওঁলোকৰ মুদ্ৰাত গণেশৰ ফটো আছে।’

যদি ইণ্ডোনেছিয়াই কৰিব পাৰে, তেন্তে ভাৰতে কিয় কৰিব নোৱাৰিব বুলিও প্ৰশ্ন কৰে কেজৰিৱালে।

এই অনুৰোধ ব্যক্ত কৰি শীঘ্ৰেই প্ৰধানমন্ত্ৰী মোডীলৈ তেওঁ পত্ৰ লিখিব বুলিও জনায় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।