অসম

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ…

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ।

৪১ হাজৰতকৈ অধিক ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী গামৰ।

চতুৰ্দশ ৰাউণ্ডৰ অন্তত গামে পালে ৬৬,০৯৪টা ভোট।

অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে পাইছে ২৪,৫৬৪টা ভোট।

SUCI(C)ৰ প্ৰাৰ্থী ভাইটি ৰিচঙে পালে ২,২৪৩টা ভোট।

মাজুলীত মুঠ NOTA ভোটৰ সংখ্যা ১,৬০৯।

ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পিছতে ভুৱ গামে জনাইছে মাজুলীবাসীক ধন্যবাদ জনায় কয়- ‘এই জয় মাজুলীৰ ৰাইজৰ জয়।’

বিজেপিয়ে সমষ্টিটোত যথেষ্ট আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ চলাইছিল। ভূৱন গামৰ হৈ জপিয়াই পৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ বহু ৰথী-মহাৰথী।

সেইদৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও চিত্তৰঞ্জন বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

উল্লেখ্য যে ৭ মাৰ্চত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনত ৬৫ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *