শুকুলা ডাৱৰৰ ফাঁকে ফাঁকে সপোনৰ যাত্ৰা এগৰাকী অসম কন্যাৰ! চালকৰ আসনত বহি প্ৰজ্ঞাই উৰুৱালে বাণিজ্যিক বিমান…

নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ জীয়াৰী তথা প্ৰথমগৰাকী মুছলমান মহিলা পাইলট ছানিয়া মিৰ্জাক লৈ দেশজুৰি অব্যাহত আছে চৰ্চা।

তাৰ মাজতে সাফল্য এগৰাকী অসম কন্যাৰো।

আকাশ মাৰ্গত বাণিজ্যিক বিমান উৰুৱাই সফলতাৰ শিখৰত আৰোহণ অসম কন্যা প্ৰজ্ঞা কাশ্যপ কলিতাৰ।

২৫ বৰ্ষীয় প্ৰজ্ঞাৰ ঘৰ যোৰহাট জিলাৰ গড়মূৰত।

সৰুৰে পৰাই বিমান পাইলট হোৱাৰ সপোন দেখিছিল প্ৰজ্ঞাই।

সেই সপোন সাৰ্থক কৰিবলৈ দিনে নিশাই কৰিছিল পৰিশ্ৰম।

তাৰেই ফলস্বৰূপে এতিয়া আকাশ মাৰ্গত বাণিজ্যিক বিমান উৰুৱাবলৈ সক্ষম হৈছে অসম কন্যা প্ৰজ্ঞা কাশ্যপ কলিতাই।

চলিত বৰ্ষৰ জুলাই মাহৰ পৰাই প্ৰজ্ঞাই কৰ্মৰত হৈ আছে বিমান সেৱা প্ৰতিষ্ঠান ইণ্ডিগ’ত।

প্ৰজ্ঞাৰ এই সাফল্যত আনন্দিত তেওঁৰ পিতৃ-মাতৃৰ লগতে সমগ্ৰ ৰাজ্যবাসী।