শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বিজেপিৰ দাবীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া…

নিউজ ডেস্কঃ শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। -এই দাবী পশ্চিম বংগ বিজেপিৰ একাধিক নেতাৰ।

অহা ডিচেম্বৰৰ ভিতৰত পশ্চিমবংগৰ তৃণমূল চৰকাৰৰ পতন আৰু মমতা বেনাৰ্জীৰ গ্ৰেপ্তাৰ নিশ্চিত বুলি বিস্ফোৰক দাবী কৰে বিজেপি নেতা সুভেন্দু অধিকাৰী, পশ্চিম বংগ বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰ, মিথুন চক্ৰৱৰ্তীকে ধৰি কেইবাজনো বিজেপি নেতাৰ।

আনহাতে মমতা বেনাৰ্জীৰ লগতে আন ৪১ জন টিএমচি নেতাকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি বিস্ফোৰক দাবী ৰাজ্যিক বিজেপিৰ সভাপতি সুকান্ত মজুমদাৰৰ।

mamata suvendu
শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী! বিজেপিৰ দাবীক লৈ তীব্ৰ প্ৰতিক্ৰিয়া… 2

ইফালে বিজেপি নেতা তথা অভিনেতা মিথুন চক্ৰৱৰ্তীয়ে দাবী কৰে যে তেওঁৰ সৈতে ২১ জন টিএমচি বিধায়কে যোগাযোগ ৰাখি আছে। কিছুদিনৰ ভিতৰতে তেওঁলোকে বিজেপিত যোগদান কৰিব আৰু তাৰ পিছতে পশ্চিমবংগত মমতা বেনাৰ্জীৰ চৰকাৰৰ পতন ঘটিব।

পশ্চিমবংগৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীয়ে কয় যে অহা ৬ মাহলৈ ৰাজ্যত শাসকীয় তৃণমূল কংগ্ৰেছে চৰকাৰ চলাই থকাটোও অসম্ভৱ। ইতিমধ্যে ইডি আৰু চিবিআইয়ে নিজৰ কাম কৰি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সুভেন্দু অধিকাৰীয়ে।

উল্লেখ্য যে, পশ্চিম বংগৰ বিধানসভাত বিজেপিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিও তৃণমূল কংগ্ৰেছৰ হাতত পৰাস্ত হ’বলগীয়া হৈছে। তাৰ পিছতে ৰাজ্যখনত মমতাৰ চৰকাৰ ভংগ কৰাৰ বাবে উঠিপৰি লাগিছে বিজেপি।

শেহতীয়াকৈ মন্ত্ৰী মুকুল ৰয়সহ আন আন টিএমচি নেতাৰ বিৰুদ্ধে ইডি আৰু চিবিআইয়ে গ্ৰহণ কৰা ব্যৱস্থাও বিজেপিৰে এক ষড়যন্ত্ৰ বুলি অভিযোগ কৰি আহিছে তৃণমূল কংগ্ৰেছে।