ভয়ংকৰ দুৰ্ঘটনা! বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত নিহত ৮ জন, ২৫ জনতকৈ অধিক লোক আহত…

এক অতি ভয়ংকৰ পথ দুৰ্ঘটনা।

বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত নিহত ৮ জনকৈ লোক।

আনহাতে গুৰুতভাৱে আহত ২৫ জনতকৈ অধিক লোক।

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত লক্ষ্ণৌ অভিমুখে গৈ থকা অৱস্থাতে ইছানগৰ আৰক্ষী থানাৰ অন্তৰ্গত এৰা দলঙৰ সমীপত দুৰ্ঘটনাটো সংঘটিত হয়।

আহত আটাইকেইজনকে এখন জিলা চিকিৎসালয়লৈ নিয়াৰ বিপৰীতে আন একাংশক লক্ষ্ণৌলৈ প্ৰেৰণ কৰা হৈছে।

এই ঘটনাটোক গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

লগতে উচ্চপদস্থ বিষয়াসকলক সেই স্থানত উপস্থিত হৈ আহতসকলৰ উপযুক্ত চিকিৎসা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।