শিহৰণকাৰী! চোতালত খেলি থাকোতেই হঠাৎ ৪০ ফুট গভীৰ কুঁৱাত বাগৰি পৰিল কণমানি শিশু, তাৰ পিছত… চাওক ভিডিঅ’…

নিউজ ডেস্কঃ চোতালত খেলি থাকোতেই হঠাৎ ৪০ ফুট দ কুঁৱাৰ ভিতৰত বাগৰি পৰিল এটি কণমানি।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ দামোহত।

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে চিচি টিভি কেমেৰাত বন্দী হোৱা শিহৰণকাৰী ঘটনাৰ এটা ভিডিঅ’ও।

জানিব পৰা মতে, মঙলবাৰে সন্ধিয়া সংঘটিত হয় এই ঘটনা।

বাতৰি অনুসৰি, দামোহৰ অসামৰিক ৱাৰ্ডৰ পৱন জৈনৰ চোতালত সন্ধিয়া খেলি আছিল দুটি শিশু।

খেলি থকাৰ মাজতে এটি শিশুৱে চোতালতে নিৰ্মিত কুঁৱা এটাৰ জালিৰ ওপৰত উঠে।

কিন্তু কুঁৱাৰ ওপৰৰ জালিখন হঠাৎ ভাঙি যোৱা ৪০ ফুট গভীৰ কুঁৱাৰ ভিতৰত পৰি যায় শিশুটি।

লগে লগে আনটো শিশুৱে পৰিয়ালৰ লোকক চিঞৰি মতাত ততাতৈয়াকৈ পৰিয়ালৰ বাকী সদস্য উপস্থিত হৈ শিশুটিক কুঁৱাৰ ভিতৰৰ পৰা সুকলমে উলিয়াই আনিবলৈ সক্ষম হয়।

৪০ ফুট দ কুঁৱাৰ ভিতৰত পৰিও শিশুটি কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নোহোৱাকৈ ৰক্ষা পৰাত ইশ্বৰক ধন্যবাদ জনায় জৈন পৰিয়ালে।