ৰাষ্ট্ৰীয়অসমীয়া

শিশুৰ বাবে যাত্ৰীবাহী ৰে’লত বিশেষ বাৰ্থ সংলগ্ন ৰে’ল বিভাগৰ…

নিউজ ডেস্কঃ সাধাৰণতে ৰে’ল যাত্ৰাৰ সময়ত তীব্ৰ অসুবিধাৰ সন্মুখীন হয় শিশু থকা মহিলাসকল।

ৰে’লৰ সৰু বাৰ্থত কেঁচুৱাৰ সৈতে একেলগে শোৱাটো মাতৃ সকলৰ বাবে সমস্যা হৈ পৰে।

এনে সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া ভাৰতীয় ৰে’লৱেয়ে যাত্ৰীসকলৰ প্ৰতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে।

ৰে’ল বিভাগে ৰে’লৰ তলৰ বাৰ্থৰ সৈতে সংলগ্ন কৰিছে এটা সৰু অতিৰিক্ত বিশেষ বাৰ্থ।

‘বেবী বাৰ্থ’ নামেৰে এই বিশেষ বাৰ্থটো শিশুক শুৱাবলৈ সংলগ্ন কৰা হৈছে।

বৰ্তমান লক্ষ্ণৌৰ কেইখনমান যাত্ৰীবাহী ৰে’লৰ এচি-২ আৰু এচি-৩ত পৰীক্ষামূলকভাৱে এই বেবী বাৰ্থ সংলগ্ন কৰিছে ভাৰতীয় ৰে’লৱেয়ে। কিন্তু পৰ্যাক্ৰমে দূৰণিবতীয়া সকলো যাত্ৰীবাহী ৰে’লতে এই বেবী বাৰ্থ উপলব্ধ কৰোৱা হব।

এই বেবী বাৰ্থসমূহৰ দৈৰ্ঘ্য হৈছে ৭৭০ মিলিমিটাৰ।

বহল আৰু উচ্চতা ক্ৰমে ২৫৫ মিলিমিটাৰ আৰু ৭৬.২ মিলিমিটাৰ।

ভাৰতীয় ৰে’ল বিভাগে পৰৱৰ্তী সময়ত ৰে’লৱে টিকট বুকিং প্ৰণালী সলনি কৰি বেবী বাৰ্থৰ বুকিঙৰো ব্যৱস্থা কৰাৰ সিদ্ধান্ত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *