অসম

শিক্ষা মন্দিৰত কালিমা! অধ্যক্ষৰ বিৰুদ্ধে দুগৰাকীকৈ অধ্যাপিকাৰ যৌন নিৰ্যাতনৰ অভিযোগ, কোন সঁচা, কোন মিছা?

চৰ্চাত এতিয়া নগাঁৱৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়। মহাবিদ্যালয় খনৰ এগৰাকী ঠিকাভিত্তিক অধ্যাপিকাই শনিবাৰে অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে যৌন অতিশায্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল।

তাৰ পিছতে দেওবাৰে পুনৰ মহাবিদ্যালয়খনৰ আন এগৰাকী অধ্যাপিকাই অধ্যক্ষৰ বিৰুদ্ধে উত্থাপন কৰে একেই অভিযোগ।

নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত আৰম্ভ হোৱা এই মি-টু অভিযানে বিদ্বৎ মহলৰ মাজত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আনহাতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে উত্থাপিত এনে অভিযোগে কালিমা সানিছে এডিপি কলেজৰ গৰিমাতো।

image

উল্লেখ্য যে, শনিবাৰে এডিপি কলেজত বিগত ৪ বছৰে ঠিকাভিত্তিক ভাবে নিযুক্তি লাভ কৰা এগৰাকী অধ্যাপিকাই চাকৰি নিয়মীয়াকৰণৰ বিনিময়ত অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীয়ে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ জোৰ দিয়াৰ অভিযোগ তুলিছিল।

এই সন্দৰ্ভত নগাঁও সদৰ থানাতো এজাহাৰ দাখিল কৰে অধ্যাপিকা গৰাকীয়ে।

অন্যহাতে অধ্যাপিকা গৰাকীৰ এই অভিযোগ খণ্ডন কৰি এটা ফেচবুক পোষ্ট কৰে অধ্যক্ষ সুৰজিত ভাগৱতীয়ে। য’ত তেওঁ অলপতে হৈ যোৱা মহাবিদ্যালয়খনৰ অধ্যাপক পদৰ সাক্ষাৎকাৰত উত্তীৰ্ণ নোহোৱাৰ বাবেই অধ্যাপিকা গৰাকীয়ে তেওঁৰ বিৰুদ্ধে আক্ৰোশমূলকভাবে অভিযোগ উত্থাপন কৰা বুলি দাবী কৰে। অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে ইতিমধ্যে তেৱোঁ দাখিল কৰিছে এজাহাৰ।

অধ্যক্ষ আৰু অধ্যাপিকাগৰাকীৰ মাজত চলি থকা অভিযোগ-প্ৰত্যাভিযোগৰ সঁচা-মিছা বিচাৰ হোৱাৰ পূৰ্বেই দেওবাৰে মহাবিদ্যালয়খনৰ ছোৱালী হোষ্টেলৰ ৱাৰ্ডেনে সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে উত্থাপন কৰে একেই অভিযোগ।

নিশা ক্লাছ ৰুম পৰিদৰ্শন কৰাৰ নামত নি অশ্লীল আচৰণ কৰাৰ লগতে আকস্মিকভাৱে ছোৱালী হোষ্টেলত প্ৰৱেশ কৰি অধ্যক্ষ সুৰজিত ভাগৱতীয়ে অশ্লীল ইংগিত দিয়াৰ অভিযোগ তুলিছে হোষ্টেলৰ ৱাৰ্ডেনে। তেৱোঁ সদৰ থানাত দাখিল কৰিছে এজাহাৰ।

এডিপি কলেজৰ দুগৰাকীকৈ অধ্যাপিকাই অধ্যক্ষ ডঃ সুৰজিত কুমাৰ ভাগৱতীৰ বিৰুদ্ধে উত্থাপন কৰা যৌন নিৰ্যাতনৰ অভিযোগক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।

দুয়োপক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও কোন সঁচা আৰু কোন মিছা সেয়া আৰক্ষীৰ নিৰপেক্ষ তদন্ততহে স্পষ্ট হৈ পৰিব।

নগাঁৱৰ ঐতিহ্যমণ্ডিত কলেজ খনত সংঘটিত ঘটনাই স্বাভাৱিকতে বিদ্বৎ মহলৰ শিৰনত কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *