মানৱীয়তা! বৰষুণকো নেওচি কৰ্তব্য সম্পাদন কৰা ট্ৰেফিক আৰক্ষীৰ হাতত গুজি দি গ’ল ছাতি…

এক ভাললগা দৃশ্য। মহানগৰীত দোপালপিতা বৰষুণকো নেওচি কৰ্তব্য পালন কৰি থকা যান বাহন শাখাৰ এগৰাকী ট্ৰেফিক আৰক্ষী জোৱানৰ কাষত হঠাৎ আহি ৰ’ল এখন গাড়ী। খিৰিকীৰ আইনা খুলি বাহিৰলৈ ওলাই আহিল এখন হাত। হয়, সহায়ৰ হাত।

মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা এনে এটি ভাললগা দৃশ্যৰ এটি ভিডিঅ’ ফেচবুকত শ্বেয়াৰ কৰিছে অমৰ জ্যোতি কাকতি নামৰ এগৰাকী ফেচবুক ইউজাৰে। কংক্ৰীটৰ মহানগৰীত মানৱতাৰ এই অনন্য দৃশ্যই এতিয়া মন চুই গৈছে নেটিজেনৰ।

দৰাচলতে অসমৰ বিভিন্ন প্ৰান্তত লগতে চতমহীয়া বৰষুণে নোৱাই পেলাইছে গুৱাহাটী মহানগৰীকো। কিন্তু এনে ধাৰাসাৰ বৰষুণকো নেওচি তিতি বুৰি হলেও ট্ৰেফিক পইণ্টত নিষ্ঠাৰে দায়িত্ব পালন কৰিবলগা হৈছে যান বাহন শাখাৰ আৰক্ষী জোৱানসকলে।

তেনে এগৰাকী আৰক্ষী জোৱানে বৰষুণৰ মাজত নিজৰ কৰ্তব্য পালন কৰি কৰি থকাৰ সময়তে আৰক্ষী জোৱানজনৰ কাষত আহি ৰয় এএছ ০১এভি ০৯০৩ নম্বৰৰ এখন বাহন। গাড়ীৰ ভিতৰত থকা মানৱতাবাদী কোনো এজনে এটি ছাতি আৰক্ষী জোৱানজনৰ হাতত দি লাহে লাহে আঁতৰি যায়।

যান বাহন শাখাৰ আৰক্ষী জোৱানজনৰ কাষত আহি ৰোৱা বাহনখন মহম্মদ আব্দুল বৰী নামৰ এজন ব্যক্তিৰ নামত পঞ্জীয়ন হৈ আছে। বাহনখনত সেই সময়ত যাত্ৰা কৰি থকা ব্যক্তিজনৰ মহানুভৱতাই এতিয়া হৃদয় জয় কৰিছে অনেক জনৰ। লগতে প্ৰতিকূল বতৰকো নেওচি আইন শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থত নিষ্ঠাৰে দায়িত্ব সম্পাদন কৰা মহানগৰীৰ যান বাহন শাখাৰ আৰক্ষী জোৱানজনকো এই চেগতে ধন্যবাদ জনাইছে অসংখ্য জনে।

Leave a Comment