শিক্ষকৰ ভয়ত স্কুল যাবলৈ বন্ধ কৰি দিছিল কণমানিয়ে, অৱশেষত গ্ৰেপ্তাৰ প্ৰধান শিক্ষকক

নিউজ ডেস্কঃ শিক্ষাৰ মন্দিৰ বুলি যাক কোৱা হয়, তেনে বিদ্যালয়তে একাংশ শিক্ষকে চলাই অহা অসৎ কাৰ্যই লজ্জানত কৰি আহিছে সভ্য সমাজক। শিক্ষকৰ দৰে এটা পবিত্ৰ বৃত্তিত কালিমা সানি ছাত্ৰ-ছাত্ৰীৰ সৈতে দুৰ্ব্যৱহাৰ কৰা বহু শিক্ষক ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে।

তেনে এক ঘটনাই পুনৰ লজ্জানত কৰিছে সভ্য সমাজক। এগৰাকী কণমানি ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাত এইবাৰ গ্ৰেপ্তাৰ কৰা হৈছে এজন লম্পট প্ৰধান শিক্ষকক।

অভিযোগ অনুসৰি, কৰিমগঞ্জৰ বাজাৰিচ’ৰাৰ কালাচৰাৰ ৬২নং প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কমলাকান্ত সিনহাই নিজৰ কাৰ্যালয়লৈ মাতি নি যৌন নিৰ্যাতন চলাইছিল এগৰাকী প্ৰথম শ্ৰেণীৰ কণমানি ছাত্ৰীক।

lompot 1
শিক্ষকৰ ভয়ত স্কুল যাবলৈ বন্ধ কৰি দিছিল কণমানিয়ে, অৱশেষত গ্ৰেপ্তাৰ প্ৰধান শিক্ষকক 2

প্ৰধান শিক্ষকজনৰ এনে অসৎ কাৰ্যৰ ভয়তেই বিদ্যালয়লৈ যাবলৈ এৰি দিছিল ছাত্ৰীগৰাকীয়ে। এই বিষয়ে পৰিয়ালৰ লোকে জানিব পৰাৰ পিছতে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

কণমানি শিশুটিৰ পৰিয়ালৰ গোচৰৰ ভিত্তিতেই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰধান শিক্ষক কমলাকান্ত সিনহাক। লম্পট শিক্ষকজনক বৰ্তমান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।