ছাত্ৰৰ দ্বাৰা চকীৰ দলং সাজি জলমগ্ন পথ পাৰ কৰিলে শিক্ষয়িত্ৰীয়ে, ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে কৰা হ’ল নিলম্বন

নিউজ ডেস্কঃ ধাৰাসাৰ বৰষুণৰ পিছতে পানীত বুৰ গৈছিল বিদ্যালয় চৌহদ। কলাফুললৈকে পানীৰে ভৰি পৰিছিল বিদ্যালয়লৈ অহা-যোৱা পথটোও। আৰু সেই সময়তে ছাত্ৰৰ হতুৱাই চকীৰ দলং সাজি পানী নগচকাকৈ পথ পাৰ হৈ নিলম্বিত হ’বলগীয়া হ’ল বিদ্যালয়খনৰ এগৰাকী শিক্ষয়িত্ৰী।

এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰো। ছাত্ৰৰ দ্বাৰা চকীৰ দলং বনোৱা শিক্ষয়িত্ৰীগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে চাকৰিৰ পৰা। অৱশ্যে ভৰিৰ আঘাতৰ পৰিপ্ৰেক্ষিতত চিকিৎসকে পানী গচকিবলৈ মানা কৰাৰ বাবেই এনেদৰে জলমগ্ন পথছোৱা পাৰ হোৱা বুলি যুক্তি দৰ্শাইছে শিক্ষয়িত্ৰীগৰাকীয়ে।

এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মথুৰাৰ বলদেৱ উন্নয়ন খণ্ডৰ প্ৰাথমিক বিদ্যালয় দাঘেন্টা প্ৰথমত। দৰাচলতে এজাক প্ৰচণ্ড বৰষুণৰ পিছতে পানীত বুৰ যায় প্ৰাথমিক বিদ্যালয়খন।

যাৰ ফলত বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্ৰী পল্লৱী ক্ষেত্ৰীয়ই ছাত্ৰসকলৰ দ্বাৰা প্লাষ্টিকৰ চকীৰে দলং সজাই তাৰ ওপৰত খোজ দি জলমগ্ন পথছোৱা পাৰ হৈ বিদ্যালয়ত প্ৰৱেশ কৰে।

শিক্ষয়িত্ৰীগৰাকীৰ এনে কাণ্ডৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বৃহস্পতিবৰে মৌলিক শিক্ষা বিষয়া নীত সিঙে পল্লৱী ক্ষেত্ৰীয়ক চাকৰিৰ পৰা নিলম্বনৰ নিৰ্দেশ দিয়ে। লগতে শিক্ষয়িত্ৰীগৰাকীলৈ কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰে শীৰ্ষ বিষয়াই।

ইফালে কাৰণ দৰ্শোৱা জাননীৰ প্ৰত্যুত্তৰ দি পল্লৱী ক্ষেত্ৰীয়ই কয় যে তেওঁ ভৰিত আঘাত পোৱাৰ বাবে চিকিৎসকে পানী নগচিবলৈ পৰামৰ্শ দিছিল। সেয়েহে তেওঁ এনেদৰে চকীৰ দলঙেৰে পাৰ হ’বলগীয়া হৈছিল। নিলম্বিত শিক্ষয়িত্ৰীগৰাকীয়ে নিজৰ ভুলৰ বাবে ক্ষমা খোজাৰ লগতে তেওঁৰ চিকিৎসাৰ এখন প্ৰেছক্ৰিপশ্যনো প্ৰদান কৰে।