শিক্ষকৰ বৰ্বৰ কাণ্ড! বেলছাৰে কোবাই প্ৰথম মহলাৰ পৰা তললৈ দলিয়াই দিলে ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰক, কৰুণ মৃত্যু…

এগৰাকী শিক্ষকৰ ভয়ংকৰ কাণ্ড।

বেলছাৰে কোবাই প্ৰথম মহলাৰ পৰা তললৈ দলিয়াই দিলে ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰক।

যাৰ ফলত কৰুণ মৃত্যুক আকোৱালি লয় ছাত্ৰগৰাকীয়ে।

সোমবাৰে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকৰ গাদগ জিলাৰ নাৰাগুণ্ড তালুকৰ হাদলি গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত।

জানিব পৰা মতে, ৪৫ বছৰীয়া মুথাপ্পা য়েল্লাপা নামৰ শিক্ষকজনে ১০ বছৰীয়া এগৰাকী ছা্ত্ৰক প্ৰহাৰ কৰে আৰু বিদ্যালয় চৌহদৰ প্ৰথম মহলাৰ পৰা তললৈ দলিয়াই দিয়ে।

ঘটনাটো সংঘটিত কৰিয়েই শিক্ষক মুথাপ্পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে।

ইপিনে ছাত্ৰগৰাকীৰ মাতৃ একেখন বিদ্যালয়ৰে শিক্ষয়ত্ৰী।

মাতৃয়ে অভিযুক্তৰ বিৰুদ্ধে প্ৰহাৰ কৰা আৰু হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে।