নিউজ ডেস্কঃ শাৰীৰিক প্ৰত্যাহ্বানক নেওচি কেৱল মেধা শক্তিৰে দেশৰ অন্যতম শৈক্ষিক বিশ্ববিদ্যালয় জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধয়্যনৰ সুযোগ লাভ কৰা মঙলদৈৰ ৰূপশিখা নাথৰ কাষত শনিবাৰে উপস্থিত হ’ল অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত।
শনিবাৰে জিডিপি মহন্ত ৰূপশিখাৰ বাসগৃহত উপস্থিত হৈ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা বিশেষভাৱে সক্ষম যুৱতীগৰাকীৰ মনোবল বৃদ্ধি কৰে।

উল্লেখ্য যে, অত্যন্ত মেধাৱী ৰূপশিখা নাথে ভূপেন্দ্ৰ নাৰায়ণ জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৯.৬৭ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হৈছিল।
তাৰ পিছতে তেওঁ ব্ৰিলিয়েন্ট একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৩.৬৭ শতাংশ আৰু পৰৱৰ্তী সময়ত মঙলদৈ মহাবিদ্যালয়ৰ পৰা ৮১.৫৪ শতাংশ নম্বৰসহ উত্তীৰ্ণ হয়।
তাৰ পিছতে ৰূপশিখাই CUET পৰীক্ষাৰ জৰিয়তে দেশৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান জেএনইউত অধ্যয়নৰ সুযোগ লাভ কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে যোৱা ৩ নৱেম্বৰত দিল্লীৰ বিশ্ববিদ্যালয়খনত ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাব নামভৰ্তি কৰিছে মঙলদৈৰ ৰূপশিখাই।
অদম্য ইচ্ছাশক্তিৰ অধিকাৰী ৰূপশিখাৰ বাসগৃহত আজি ডিজিপি ভাস্কৰজ্যোতি মহন্তই উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মনোবল বৃদ্ধি কৰাৰ লগতে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে।
অন্যহাতে ৰূপশিখাৰ পিতৃ-মাতৃ দুয়োগৰাকীয়ে আৰক্ষী বিভাগৰ উপ পৰিদৰ্শক হোৱা হেতুকে কন্যাৰ উচ্চ শিক্ষাৰ অধ্যয়নৰ বাবে পিতৃ-মাতৃৰ ছুটি মঞ্জুৰ কৰাৰো দায়িত্ব লয় সঞ্চালকপ্ৰধানগৰাকীয়ে।









