ধাননী পথাৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি কৰুণ মৃত্যু হাতী পোৱালিৰ, গ্ৰেপ্তাৰ এজনক…

নিউজ ডেস্কঃ ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত উত্তৰ গৰুৱাঝাৰ ছঞাবস্তীত শুকুৰবাৰে পুৱা এটা হাতীৰ পোৱালিৰ কৰুণ মৃত্যুৰ ঘটনাক লৈ বন বিভাগে গ্ৰেপ্তাৰ কৰিছে এজন লোকক।

ধৃত লোকজনৰ নাম অনিল এক্কা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, অনিল এক্কাই ধাননী পথাৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটিছিল হাতী পোৱালিটোৰ।

image 58
ধাননী পথাৰত সংযোগ কৰা বৈদ্যুতিক তাঁৰত লাগি কৰুণ মৃত্যু হাতী পোৱালিৰ, গ্ৰেপ্তাৰ এজনক… 2

শুকুৰবাৰে হাতী পোৱালিটোৰ মৃত্যুৰ পিছত বহু সময় ধৰি পোৱালিটোৰ কাষতে থিয় হৈ আছিল মাক হাতীজনী।

আনকি বন বিভাগে মৃত পোৱালিটোক নিবলৈ অনা এক্সভেটেৰকো বাধা প্ৰদান কৰিছিল হাতীজনীয়ে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা পৰা হাতীজনৰ এই কৰুণ দৃশ্যই চকু সেমেকাই তুলিছিল প্ৰতিজন হৃদয়বানৰ।

যাৰ বাবে ধাননী পথাৰত বৈদ্যুতিক তাঁৰ সংযোগ কৰা অনিল এক্কা নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে বন বিভাগে।