বকোত মেঘালয়ৰ শেনচকু, সীমান্তৱৰ্তী অঞ্চলত ড্ৰ’ন উৰুৱাই সীমা নিৰ্ধাৰণ মেঘালয়ৰ…

মিজোৰামৰ পিছত এইবাৰ অসমৰ ভূমিত মেঘালয়ৰ বেদখল।

সীমান্তৱৰ্তী অঞ্চলত ড্ৰ’ন উৰুৱাই সীমা নিৰ্ধাৰণ চেষ্ট মেঘালয়ৰ।

খানাপাৰাৰ উদয়নগৰৰ পিছতে এইবাৰ কামৰূপৰ বকোত মেঘালয় প্ৰশাসনে নিৰ্ধাৰণ কৰিলে সীমা।

বিভিন্ন স্থানত ৰঙা-বগা চিহ্নৰে সীমা নিৰ্ধাৰণৰ চেষ্টা।

মালাং শালমাৰা, কম্পাডলী আৰু গামেৰিমুৰা-হাহিম সংযোগী পথৰ বিভিন্ন স্থানত চিহ্ন অংকন।

যোৱা ৫ আগষ্টত উৰুৱাইছিল ড্ৰোণ।

বকোৰ মালচাপাৰাতো সীমান্তৰ পৰা ৫/৬ কিলোমিটাৰ অসম ভিতৰলৈ সোমাই আহি অংকন কৰিছে বিশেষ চিহ্ন।

মেঘালয়ৰ এনে কাৰ্যক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্ত অঞ্চলত।

লাইলাপুৰৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ শংকাত ভূগিছে সীমামূৰীয়া অসমীয়া।

Leave a Comment