অসমঅসমীয়া

‘শক্তি কিন্তু মোৰো আছে, চিঙি যাব মুণ্ডা’- ৰাতিৰ ভিতৰতে ভাইৰেল হৈ পৰা টিহু চ’কৰ লক্ষ্মী দা আৰু নাই!

নিউজ ডেস্কঃ ‘শক্তি কিন্তু মোৰো আছে।’

কিছুবছৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এটা ভিডিঅ’। কথিত নলবৰীয়া ভাষাত দুজন ব্যক্তিৰ মাজত লগা কথাৰ কাজিয়াই বেচ হাঁহিৰ খোৰাক দিছিল সকলোকে।

সেই ভাইৰেল ভিডিঅ’তে এজনৰ মুখৰ ডাইলগ আছিল ‘শক্তি কিন্তু মোৰো আছে, চিঙি দিম মুণ্ডা।’ এই বচন ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল।

গাঁৱৰ পৰা চহৰলৈকে, ডেকাৰ পৰা বুঢ়ালৈকে সকলোৰে মুখত ধেমালিৰ এক চাপ এৰি গৈছিল এই বাক্যশাৰীয়ে।

xokti kintu

বাৰীৰ তামোল পাৰাৰ বিনিময়ত লোৱা টকাৰ বাবে সংঘটিত সেই ভাইৰেল ভিডিঅ’টোত যাৰ মুখত এই বাক্যশাৰী শুনা গৈছিল, তেঁৱেই আছিল লক্ষ্মী দা। নলবাৰী জিলাৰ টিহু চ’কৰ এজন সাধাৰণ দিন হাজিৰা কৰি খোৱা মানুহ লক্ষ্মী দা।

হঠাৎ সামাজিক মাধ্যমত সকলোৰে পৰিচিত হৈ পৰা লক্ষ্মী দাই পৰৱৰ্তী সময়তো বহু ধেমেলীয়া কথা, গীতেৰে হাঁহিৰ খোৰাক দিছিল নেটিজেনৰ।

কিন্তু এইগৰাকী লক্ষ্মী দা এতিয়া নাই। এই দুঃসংবাদ লাভ কৰাৰ পিছতে শোকৰ বন্যা নামিছে সামাজিক মাধ্যমক। সকলোকে হাঁহি যোগান ধৰা লক্ষ্মী দাই চিৰবিদায় ল’লে এই পৃথিৱীৰ পৰা।

জানিব পৰা মতে, শুকুৰবাৰে সন্ধিয়া ঘৰৰ কাষৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় লক্ষ্মী দাৰ মৃতদেহ। ব্যক্তিজনৰ মৃত্যু কিদৰে সংঘটিত হ’ল তাক লৈও সৃষ্টি হৈছে ৰহস্যৰ।

অৱশ্যে স্থানীয় লোকৰ মতে, অত্যাধিক মদৰ নিচাত বাট হেৰুৱাই পুখুৰীত পৰাৰ ফলত মৃত্যু ঘটে লক্ষ্মী দাৰ।

লক্ষ্মী দাৰ মৃত্যুৰ বাতৰিয়ে শোকস্তব্ধ কৰিছে অনেকক। এটা মাত্ৰ ভিডিঅ’ৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা লক্ষ্মী দাৰ মুখৰ সেই বাক্যশাৰী দীঘলীয়া সময়লৈকে সকলোৱে মনত ৰাখিব।

লগতে চাওকঃ

এদিন পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা শিৱকান্তই এতিয়া ন্যায়াধীশ হৈ দিব ৰায়

G1

Leave a Reply

Your email address will not be published. Required fields are marked *