অসম

ভাল খবৰ! অসমত প্ৰথমবাৰলৈ গৰুৰ বাবে আৰম্ভ হ’ল এম্বুলেঞ্চ সেৱা…

ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ।

অসমত প্ৰথমবাৰলৈ গৰুৰ বাবে আৰম্ভ হ’ল এম্বুলেঞ্চ সেৱা।

শুকুৰবাৰে, ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত বিশ্বজিত পেগুৱে এই সেৱাৰ শুভাৰম্ভ কৰে।

জিলাখনত গোপাল গোশালাৰ উদ্যোগত এই এম্বুলেঞ্চ সেৱা চলিব।

উল্লেখ্য যে, এই গোশালাটোৱে ২০২০ চনত গৰুৰ বাবে এখন চিকিৎসালয়ো স্থাপন কৰিছিল।

এই এম্বুলেঞ্চ সেৱাৰ শুভাৰম্ভ কৰি পেগুৱে কয়, ‘এইটো অতি আদৰণীয় পদক্ষেপ। এই সেৱাই গুৰুতৰভাৱে অসুস্থ আৰু আঘাতপ্ৰাপ্ত গৰুবোৰৰ দ্ৰুত চিকিৎসাৰ পথ প্ৰশস্ত কৰিব।’

গোপাল গোশালাৰ বিষয়াসকলে দাবী কৰিছে যে, এইটো সমগ্ৰ উত্তৰ-পূবৰ প্ৰথম গৰু এম্বুলেঞ্চ সেৱা।

এম্বুলেঞ্চখন আহমেদাবাদৰ পৰা অনা হৈছে আৰু ইয়াত হাইড্ৰলিক লিফ্ট লগোৱা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *