অসমীয়াৰাশিফল

চাওক আপোনাৰ দৈনিক ৰাশিফল

দৈনিক ৰাশিফলঃ ১ মে’, দেওবাৰ

মেষ ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। আজি সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। কাৰ্যালয়ৰ কিছুমান বন্ধুৰ সহায়ত, আপোনাৰ প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব। উচ্চ শিক্ষা গ্ৰহণ কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ বাবে, আজিৰ দিনটো এটা কষ্টকৰ দিন প্ৰমাণিত হ’ব। আপুনি এটা ধৰ্মীয় অনুষ্ঠানলৈ যোৱাৰ সুযোগ লাভ কৰিব। পত্নীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। ব্যৱসায় সংক্ৰান্তত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে।

বৃষ ৰাশি- আজি আপোনাৰ দিনটো শুভ হ’ব। আজি আপুনি সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। আপুনি কিছুমান নতুন অভিজ্ঞতাৰ বাবে সাজু থাকিব লাগিব। আজিৰ দিনটো আন দিনৰ তুলনাত এই ৰাশিচিহ্নৰ শিক্ষাৰ্থীসকলৰ বাবে এক লাভজনক দিন হ’ব। আপোনাৰ পিতৃ-মাতৃৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব।

মিথুন ৰাশি- আজি আপোনাৰ বাবে দিনটো স্বাভাৱিক হ’ব। পৰিকল্পনা কৰা বেছিভাগ কাম ক্ৰমান্বয়ে সম্পূৰ্ণ হ’ব। আপুনি আপোনাৰ পত্নীৰ সৈতে কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপুনি এজন পুৰণি বন্ধুক লগ কৰিব পাৰে। নিজৰ স্বাস্থ্যৰ যতন লওক। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহ প্ৰস্তাৱ লাভ কৰিব পাৰে। পিতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব।

কৰ্কট ৰাশি- আজি আপুনি পৰিয়ালৰ সদস্যসকলৰ সৈতে ক’ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপুনি আপোনাৰ কথাবোৰ অচিনাকি লোকৰ সৈতে ভাগ বতৰা কৰা পৰিহাৰ কৰিব। ব্যবসায়ত চকু নিদিলে লোকচানৰ সন্মুখীন হ’ব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব। অত্যাধিক ব্যয়ে আজি আপোনাক চিন্তিত কৰিব পাৰে। দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়া আজি সমাধান হ’ব।

সিংহ ৰাশি- আজি আপোনাৰ বাবে দিনটো আশ্চর্যকৰ দিন হ’ব। বাটত আপুনি এজন ঘনিষ্ঠ বন্ধুক লগ পাব, যাক লগ পাই আপুনি সুখী হ’ব। নতুন ব্যবসায় আৰম্ভ কৰা বাবে আজিৰ দিনটো শুভ প্ৰমাণিত হ’ব। পত্নীৰ পৰামৰ্শই আজি আপোনাক লাভম্বিত কৰিব। আজি আপুনি হঠাতে ধনলাভ কৰিব পাৰে। আজি শিক্ষাৰ্থীসকলে অধ্যয়নত মনোযোগ দিলে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে।

কন্যা ৰাশি- আজি আপোনাৰ বাবে দিনটো কষ্টকৰ প্ৰমাণিত হ’ব। আপুনি এজন নিৰ্দিষ্ট ব্যক্তিৰ পৰা যথেষ্ট লাভান্বিত হ’ব। চাকৰিয়াল সকলে পন্দোনতিৰ সুযোগ লাভ কৰিব পাৰে। মাতৃৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। এজন পুৰণি বন্ধুৰ সৈতে লগ হ’ব পাৰে। পৰিয়ালৰ সমস্যাবোৰ আজি সমাধান হ’ব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। পিতৃ-মাতৃৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখৰ হ’ব।

তুলা ৰাশি- আজি আপুনি আপোনাৰ শক্তি ভাল কামত ৰাখিব। শিক্ষাৰ লগত জড়িত থকা সকলৰ বাবে দিনটো শুভ প্ৰমাণিত হ’ব। কামত আপোনাৰ আগ্ৰহ বৃদ্ধি হ’ব। আপুনি আপোনাৰ পত্নীৰ সমৰ্থন লাভ কৰিব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব পাৰে। ব্যবসায়ত নজৰ দিয়ক। আজি আপুনি অত্যাধিক খং পৰিহাৰ কৰক। বন্ধুবৰ্গৰ পৰা সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ’ব। দাম্পত্য জীৱন সুখ বৃদ্ধি পাব।

বৃশ্চিক ৰাশি- আজিৰ দিনটো আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। আপোনাৰ পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব। আপুনি আপোনাৰ সহপাঠীসকলৰ সৈতে ক’ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আজি আপুনি বাহন ক্ৰয় কৰিব পাৰে। পত্নীৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি কিছুমান ঘৰুৱা সামগ্ৰী ক্ৰয় কৰিব। অবিবাহিত সকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। ঘৰলৈ অতিথিৰ আগমন ঘটিব পাৰে। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

ধনু ৰাশি- আজি আপোনাৰ দিনটো শুভ হ’ব। আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব, কিন্তু এই ভ্ৰমণ আপোনাৰ বাবে কষ্টকৰ প্ৰমাণিত হ’ব। ঘৰত ধৰ্মীয় অনুষ্ঠান থাকিব পাৰে। আপোনাৰ স্বাস্থ্য উন্নত হ’ব। এই ৰাশিচিহ্নৰ শিক্ষাৰ্থীসকলে কেৰিয়াৰত ইতিবাচক ফলাফল লাভ কৰিবলৈ সক্ষম হ’ব। আপুনি আন লোকক সহায় কৰাৰ সুযোগ লাভ কৰিব। ৰাজনীতিৰ লগত জড়িত সকলৰ বাবে দিনটো শুভ হ’ব। মাতৃৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ’ব।

মকৰ ৰাশি- আজি আপোনাৰ দিনটো আশ্চৰ্যকৰ হ’ব। আজি আপুনি কিছুমান বিশেষ ভাল খবৰ লাভ কৰিব পাৰে। আপোনাৰ কিছুমান নতুন দায়িত্ব থাকিব। কাৰ্যালয়ত একেলগে কাম কৰা লোকসকলৰ পৰা আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। কিছুমান নতুন ধাৰণা আপোনাৰ মনলৈ আহিব। চাকৰিয়াল সকলে পন্দোনতিৰ সুযোগ লাভ কৰিব পাৰে। পত্নীৰ স্বাস্থ্যই আপোনাক চিন্তিত কৰিব পাৰে। শিক্ষার্থীসকলৰ বাবে দিনটো শুভ।

কুম্ভ ৰাশি- আজি আপোনাৰ দিনটো ব্যস্ততাৰে ভৰি থাকিব। আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ জেষ্ঠ্যজনৰ পৰামৰ্শ ল’ব পাৰে। ব্যৱসায়ী সকলে ব্যবসায়ত মনোযোগ দিয়া উচিত। আজি এটা ডাঙৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ’ব। দীৰ্ঘদিন ধৰি পাবলগীয়া ধন ঘূৰাই পাব। এই ৰাশিচিহ্নৰ অবিবাহিত লোকসকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আজি আপুনি ধৰ্মীয় অনুষ্ঠানত অংশগ্রহণ কৰিব পাৰে। দাম্পত্য জীৱনত সুখ বৃদ্ধি পাব।

মীন ৰাশি- আজি আপোনাৰ বাবে দিনটো শুভ। বিবাহিত জীৱনত সম্প্ৰীতি থাকিব। আজি আপুনি এজন নতুন ব্যক্তিক লগ পাৱ যিয়ে আপোনাৰ বাবে ভৱিষ্যতে লাভজনক প্ৰমাণিত হ’ব। সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব। অবিবাহিত লোকসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। আপোনাৰ আগ্ৰহ সামাজিক কামৰ প্ৰতি হ’ব। ব্যবসায়ত সফলতা লাভ কৰিবলৈ সক্ষম হ’ব। দীর্ঘদিন ধৰি চলি থকা আইনী প্রক্রিয়া আজি সমাধান হ’ব। পত্নীৰ সৈতে মতভেদ হ’ব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *