লোমহৰ্ষক! থানাৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ যুৱকৰ, আহত ৬ জোৱান

নিউজ ডেস্কঃ থানাৰ ভিতৰতে যুৱকৰ আক্ৰমণত আহত হ’ল ৬ গৰাকীকৈ আৰক্ষী। এই চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে নতুন দিল্লীৰ শ্বাহদৰাত।

জানিব পৰা মতে, শ্বাহদৰা আৰক্ষী থানাৰ চাইবাৰ ব্ৰান্সত এজন যুৱকে প্ৰৱেশ কৰি বুধবাৰে দুপৰীয়া কৰ্তব্যৰত আৰক্ষীৰ ওপৰত চুৰীৰে নিৰ্বিচাৰ আক্ৰমণ কৰে। যাৰ ফলত থানাখনৰ ৬গৰাকী আৰক্ষী জোৱান আহত হয়। ইফালে এই ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে ভাৰত ভাটী নামৰ ২৮ বৰ্ষীয় অভিযুক্তজনক।

এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, দুপৰীয়া প্ৰায় ১২.৪৫ বজাত ভাৰত ভাটী নামৰ যুৱকজনে থানাৰ তৃতীয় মহলাত থকা চাইবাৰ ব্ৰান্সত প্ৰৱেশ কৰে। সেই সময়ত থানাৰ হেড কনিষ্টবল দীপকে এজন অভিযোগকাৰীৰ সৈতে কথা পাতি আছিল।

যুৱকজনে থানাৰ ভিতৰত প্ৰৱেশ কৰিয়েই মোবাইল কেমেৰাৰে ভিডিঅ’ প্ৰস্তুত কৰিবলৈ ধৰাত তেওঁক আৰক্ষীয়ে ইয়াৰ কাৰণ সোধে। কিন্তু ভাৰত ভাটীয়ে কোনো উত্তৰ দিয়াৰ পূৰ্বে লগত থকা চুৰীৰে আৰক্ষীৰ ওপৰত আক্ৰমণ চলাবলৈ আৰম্ভ কৰে।

image 202
লোমহৰ্ষক! থানাৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ যুৱকৰ, আহত ৬ জোৱান 2

জানিব পৰা মতে, যুৱকজনে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰা সময়ত থানাৰ ভিতৰত ৮গৰাকী মহিলাসহ মুঠ ২০ গৰাকী আৰক্ষী কৰ্মৰত হৈ আছিল। তাৰ ভিতৰত যুৱকজনৰ আক্ৰমণত আহত হয় আৰক্ষী কনিষ্টবল দীপক, অমিত, হেড কনিষ্টবল সুনীল, কনিষ্টবল নৰেশ, হোমগাৰ্ড ৰবি বাৰ্মা আৰু মনীষ।

ইফালে যুৱকজনে থানাৰ ভিতৰত সৃষ্টি কৰা আতংকৰ পিছতে থানাৰ মূল প্ৰৱেশ দ্বাৰ বন্ধ কৰি দিয়া হয়। ভাৰত ভাটীয়ে আৰক্ষীৰ ওপৰত চলোৱা আক্ৰমণৰ পিছত হাতত থকা চুৰীৰে নিজকো আঘাত কৰে আৰু দেৱালত মূৰ খুন্দিয়াই নিজে আহত হয়।

যুৱকজনক কৰায়ত্ব কৰাৰ সময়ত তেওঁ বাৰে বাৰে একেখিনি কথাই কৈ থাকে- ‘তোমালোকে ভাল কাম নকৰা, মই তোমালোকক উচিত শিক্ষা দিম।’

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, শ্বাহদাৰাৰ বলবীৰ নগৰৰ নিৱাসী ভাৰত ভাটীৰ বিৰুদ্ধে পূৰ্বে কোনো অপৰাধমূলক গোচৰ ৰুজু হৈ থকা নাই। মাথো ২০১৪ চনত এটা দুৰ্ঘটনা গোচৰত তেওঁৰ নাম আছিল। বিবিএ ড্ৰপআউট যুৱকজনে বৰ্তমান অনলাইন ব্যৱসায় চলাই আহিছিল।

ভাৰত ভাটীয়ে কিয় আৰক্ষীৰ ওপৰত এনেদৰে আক্ৰমণ চলালে সেয়া এতিয়াও স্পষ্ট হৈ পৰা নাই। কোনো কোনোৱে যুৱকজন মানসিকভাৱে অসুস্থ বুলিও দাবী কৰিছে। ইফালে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

যুৱকজনৰ আক্ৰমণত আহত ৬ আৰক্ষী জোৱানৰ লগতে আঘাতপ্ৰাপ্ত অভিযুক্তজনকো পৰৱৰ্তী সময়ত জিটিবি হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসাৰ অন্তত মনীষ, নৰেশ আৰু অভিযুক্ত ভাৰতক ঘৰলৈ যাবলৈ দিয়া হয়। হোমগাৰ্ডকে ধৰি তিনিজনক মেক্স হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। হেড কনিষ্টবল সুনীলক এইমছ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয়।