মাৰক.. গুলী মাৰক… মই নাযাওঃ প্ৰতিবাদত বাধা দিবলৈ যোৱা আৰক্ষীৰ সন্মুখত বুকু পাতি থিয় হ’ল ৰিপুণ বৰা..

নিউজ ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজনীতিক লৈ তোলপাৰ সমগ্ৰ দেশ। ৰাজ্যখনৰ ৪০ জনৰো অধিক বিধায়কৰ গুৱাহাটীত বাহৰ পাতি থকাৰ পিছত বুধবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহ এৰিবলৈ বাধ্য হৈ পৰিল উদ্ধৱ ঠাকৰেয়ে।

কিন্তু শাসকীয় দলৰ বিধায়কৰ মাজত বিসম্বাদ কিয়? কোনে আৰু কিয় মহাৰাষ্ট্ৰৰ ত্ৰিদলীয় চৰকাৰ ভংগ কৰাৰ চেষ্টা চলাইছে? তাক লৈ উত্থাপন হৈছে প্ৰশ্নৰ।

photo1655972560
মাৰক.. গুলী মাৰক… মই নাযাওঃ প্ৰতিবাদত বাধা দিবলৈ যোৱা আৰক্ষীৰ সন্মুখত বুকু পাতি থিয় হ’ল ৰিপুণ বৰা.. 3

ৰাজনীতিত বিধায়ক ক্ৰয়-বিক্ৰয় নতুন নহয়। ধন বল, বাহু বল, ক্ষমতাৰ বলেৰে বিধায়কক প্ৰলোভিত কৰি ইয়াৰ পূৰ্বেও ৰাজস্থান আৰু মধ্যপ্ৰদেশত চৰকাৰ ভংগ কৰা হৈছিল।

সেইবাবে মহাৰাষ্ট্ৰতো একেই পন্থা বিজেপিয়ে অবলম্বন কৰাৰ অভিযোগ তুলিছে বিৰোধীয়ে।

হৰ্ছ ট্ৰেডিং আৰু গুৱাহাটীৰ বিলাসী হোটেলত মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কক আতিথ্য প্ৰদানক লৈ সৰৱ হৈ পৰিছে ৰাজ্যৰ বিৰোধী দলসমূহ।

শেহতীয়াকৈ অসমত আত্মপ্ৰকাশ কৰা তৃণমূল কংগ্ৰেছেও ইয়াৰ বিৰুদ্ধে নামি পৰিছে প্ৰতিবাদত।

photo1655972561
মাৰক.. গুলী মাৰক… মই নাযাওঃ প্ৰতিবাদত বাধা দিবলৈ যোৱা আৰক্ষীৰ সন্মুখত বুকু পাতি থিয় হ’ল ৰিপুণ বৰা.. 4

তৃণমূল কংগ্ৰেছত প্ৰদেশ সভাপতি ৰিপুণ বৰাই বৃহস্পতিবাৰে অইন অইন তৃণমূল নেতা-কৰ্মীক লগত লৈ সাব্যস্ত কৰে প্ৰতিবাদ।

এই প্ৰতিবাদত বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰা আৰক্ষীৰ ওপৰতো খৰ্গহস্ত হৈ পৰে ৰিপুণ বৰা।

‘মাৰক… গুলী মাৰক… কিন্তু মই নাযাও’ বুলি আৰক্ষীৰ সন্মুখত হুংকাৰ দি হৰ্ছ ট্ৰেডিং আৰু বিসম্বাদী বিধায়ক অসমৰ বিজেপি চৰকাৰে প্ৰদান কৰা আতিথ্যৰ বিৰুদ্ধে বিক্ষোভ ব্যক্ত কৰে ৰিপুণ বৰাই।

তেওঁক বাধা দিবলৈ চেষ্টা কৰা আৰক্ষীৰ সন্মুখত ‘আমাৰ কোনো গণতান্ত্ৰিক অধিকাৰ নাই নেকি?’ বুলিও ক্ষোভ উজাৰে।

তৃণমূল কংগ্ৰেছৰ নেতাগৰাকীয়ে কয়, ‘অসমৰ এতিয়া ৫০ লাখৰো অধিক লোক বানত আক্ৰান্ত হৈ আছে। এমুঠি অন্ন, এটোপাল খোৱাপানীৰ নাটনিয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিন্তু এই বানাক্ৰান্ত সকলক উপেক্ষা কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ বিধায়কক ক্ৰয়-বিক্ৰয়ৰ প্ৰতি সমৰ্থন জনাই তেওঁলোকক আথিত্য প্ৰদানত ব্যস্ত হৈ পৰিছে।’