অসমীয়াঅসম

লোমহৰ্ষক! একেটা পৰিয়ালৰ তিনি সদস্যক আক্ৰমণ দুৰ্বৃত্তৰ, নিহত এজন, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে অভিযুক্তৰ ঘৰ

নিউজ ডেস্কঃ গোলাঘাটৰ আঠখেলীয়াত লোমহৰ্ষক কাণ্ড। চোকা অস্ত্ৰৰে দুৰ্বৃত্তৰ আক্ৰমণ একেটা পৰিয়ালৰ ৩ সদস্যক।

বৃহস্পতিবাৰে নিশা এই ঘটনা সংঘটিত হয় আঠখেলীয়া চাৰিঙীয়া গাঁৱত। দুৰ্বৃত্তৰ আক্ৰমণত মৃত্যু দ্বীপেন দাস নামৰ লোকজনৰ।

2 beb

ইফালে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দ্বীপেন দাসৰ পত্নী চুমকী দাস আৰু পুত্ৰ প্ৰিয়ম দাস। আহত দুয়োকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

1 beb

নাজিদুল হুছেইন নামৰ লোকজনৰ বিৰুদ্ধে উত্থাপন কৰা হৈছে পৰিয়ালটোৰ ওপৰত আক্ৰমণৰ অভিযোগ।

স্থানীয় লোকৰ অভিযোগ অনুসৰি ড্ৰাগছ আসক্ত নাজিদুল হুছেইনে আক্ৰমণ চলায় দ্বীপেন দাস আৰু তেওঁৰ পত্নী-পুত্ৰৰ ওপৰত।

3 beb

ঘটনাৰ পিছতে ক্ষুব্ধ ৰাইজে অভিযুক্তৰ ঘৰ আৰু ব্ৰইলাৰ ফাৰ্মত অগ্নিসংযোগ কৰে।

অভিযুক্ত নাজিদুলক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবীৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে স্থানীয় ৰাইজে।

যাৰ বাবে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়।

Leave a Reply

Your email address will not be published. Required fields are marked *