অসম

দুৰ্ভাগ্যজনক! বানত ছেলফি উঠিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এজনে…

ৰাজ্যত অপৰিৱৰ্তীত বান পৰিস্থিতি।

ৰুষ্ট প্ৰকৃতি যেন শান্ত হোৱাৰ নামেই লোৱা নাই। চাৰিওফালে কেৱল জলপ্ৰলয়।

উজনি আৰু নামনি অসমৰ মুঠ ২৯ খন জিলাত বানপানীৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে৷

ডিমা হাচাওৰ লগতে বৰাক উপত্যকাটো বানে কন্দুৱাইছে প্ৰতিগৰাকী বৰাকবাসীক।

বৰাকত ইতিমধ্যে কঠোৰ হৈছে প্ৰশাসন। জাৰি কৰিছে সতৰ্কবাণী৷

ইয়াৰ মাজতে বৰাকত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা।

বানত ছেলফি উঠিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এজন লোকে।

নৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনক।

ইপিনে এই সমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাত।

শিলচৰ-আইজল পথৰ সোণবাড়ীঘাট বাইপাছত সংঘটিত হৈছে এই ঘটনা।

উল্লেখ্য যে, বৰাক নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে ৰাষ্ট্রীয় ঘাইপথটো। সেই দৃশ্য বন্দী কৰিবলৈ গৈ ছেলফি লোৱাৰ সময়তে সংঘটিত হৈছে এই অঘটন।

Leave a Reply

Your email address will not be published. Required fields are marked *