নিউজ ডেস্কঃ লোভে পাপ, পাপে মৃত্যু! চৰকাৰী দৰমহাৰ টকা কেইটাৰে নহয়, আৰু দুটকামান ঘটিবলৈ যাওতেই ‘অতি চালাকৰ ডিঙিত ৰচী’ৰ দশা হয় চৰকাৰী কৰ্মচাৰীৰ।
শেহতীয়াকৈ ঘোচ লৈ ৰাজ্যত হাতে-লোটে ধৰা পৰিছে কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী। শুকুৰবাৰে ধুবুৰীত ঘোচ লোৱা সময়ত এগৰাকী শিক্ষা বিষয়াক দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছতে একেদিনাই হাতে-লোটে ধৰা পৰিল আন এজন চৰকাৰী কৰ্মচাৰী।
এইবাৰ কৰিমগঞ্জ ৰাজহ চক্ৰ বিষয়াৰ লাট মণ্ডল ৰঞ্জন গোস্বামীক উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল দুৰ্নীতি নিবাৰক শাখাই।
Another one for the day. Sri Ranjan Goswami @ Chanchal, Lat Mondal Karimganj Sadar Circle has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for mutation of land of the complainant. @assampolice @CMOfficeAssam pic.twitter.com/cDdH8RSips
— GP Singh (@gpsinghips) August 26, 2022
মাটিৰ মিউটেছনৰ বাবে দাবী কৰা ধন লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে কৰায়ত্ত কৰে ঘোচখোৰ লাট মণ্ডলজনক।
উল্লেখ্য যে, শুকুৰবাৰে ধুবুৰী সৰ্বশিক্ষা অভিযান মিছনৰ শিক্ষা বিষয়া আজহাৰুল ইছলামক উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে ধৰা পেলাইছিল দুৰ্নীতি নিবাৰক শাখাই।









