গাঁও পঞ্চায়তৰ সচিবৰ চহী জাল কৰি আঁচনিৰ ধন আত্মসাৎ সভানেত্ৰীৰ, স্বামীসহ গ্ৰেপ্তাৰ…

গাঁও পঞ্চায়তৰ সচিবৰ চহী জাল কৰি ৰঙাঘৰৰ আলহী হ’ল পঞ্চায়ত সভানেত্ৰী।

বৰপেটাত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল গাঁও পঞ্চায়ত সভানেত্ৰীৰ লগতে পঞ্চায়ত সভানেত্ৰীৰ স্বামী।

আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কুমুল্লিপাৰা গাঁও পঞ্চায়তৰ কংগ্ৰেছ সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানম।

লগতে গ্ৰেপ্তাৰ হৈছে ৰুমা পাৰবিনৰ স্বামী আলাল উদ্দিনো।

অভিযোগ অনুসৰি গাঁও পঞ্চায়তখনৰ সচিবৰ চহী জাল কৰি সভানেত্ৰী আৰু সভানেত্ৰীৰ স্বামীয়ে উলিয়াই নিছিল আঁচনিৰ বৃহৎ পৰিমাণৰ ধন।

গাঁও পঞ্চায়তখনৰ সচিবৰ চহী জাল কৰি আঁচনি ৰূপায়ণ নকৰাকৈয়ে চতুৰ্দশ বিত্তীয় আয়োগৰ ২৫ লক্ষাধিক টকা উলিয়াই নিছিল সভানেত্ৰীগৰাকী আৰু তেওঁৰ স্বামীয়ে ৷

ফলত গাঁও পঞ্চায়তৰ সচিবৰ এজাহাৰৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে পঞ্চায়ত সভানেত্ৰী ৰুমা পাৰবিন চুলতানা খানমৰ লগতে তেওঁৰ স্বামী আলাল উদ্দিনক আজি গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে আদালতে দুয়োকে ৫ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

ইয়াৰোপৰি সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত POCSO Act ৰ অধীনত ৮৩১/২২ নম্বৰত ৰুজু হৈছে আন এক গোচৰ। গোচৰটো সম্পৰ্কতো তদন্ত অব্যাহত ৰাখিছে বৰপেটা আৰক্ষীয়ে।