
লোভত মৰে বৰশীৰ মাছ! এইবাৰ ঘোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল আৰু তেওঁৰ ব্যক্তিগত ড্ৰাইভাৰ…
নিউজ ডেস্কঃ খক কৰি পুনৰ জালত ফচিল চৰকাৰী কৰ্মচাৰী।
আকৌ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল।
লগতে হাতে-লোটে গ্ৰেপ্তাৰ লাট মণ্ডলৰ ব্যক্তিগত বাহন চালকো।
সোণাপুৰ ৰাজ চক্ৰ বিষষাৰ কাৰ্যালয়ত অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে লাট মণ্ডল ৰাজেশ ৰয় আৰু তেওঁৰ ব্যক্তিগত বাহন চালক ৰণ্টু কলিতাক।
Today, a team of @DIR_VAC_ASSAM laid a trap at the O/O Circle Officer, Sonapur Revenue Circle, and apprehended Sh Rajesh Roy, Lat Mandal, for demanding Rs. 18,000/- from the complainant for processing issue of Land Sale Permission of the complainant. @CMOfficeAssam @assampolice pic.twitter.com/B3CJt0qVDi
— Surendra Kumar (@surendrakr_ips) March 2, 2023
ভূমি বিক্ৰীৰ অনুমতি প্ৰদানৰ নামত অভিযোগকাৰীৰ পৰা ১৮ হাজাৰ টকাৰ উৎকোচ দাবী কৰি গ্ৰেপ্তাৰ লাট মণ্ডল ৰাজেশ ৰয়।
In the same trap operation, Sh Rantu Kalita, a private driver of Sh Rajesh Roy, Lat Mandal, was caught red handed by @DIR_VAC_ASSAM while accepting Rs. 14,000/- from the complainant as part of the bribe demanded the by the Lat Mandal @CMOfficeAssam @assampolice pic.twitter.com/3kk3UohVjV
— Surendra Kumar (@surendrakr_ips) March 2, 2023
আনহাতে অভিযোগকাৰীৰ পৰা লাট মণ্ডলৰ হৈ ১৪ হাজাৰ টকাৰ উৎকোচ গ্ৰহণৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ বাহন চালক ৰণ্টু কলিতা।





