অসম

লুডু খেলক কেন্দ্ৰ কৰিয়েই বিয়াৰ ৰভাতলীত ভয়ংকৰ ঘটনা, বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ

লুডু খেলক কেন্দ্ৰ কৰিয়েই বিয়াৰ ৰভাতলীত ভয়ংকৰ ঘটনা।

বিয়াৰ ৰভাতলীত বন্ধুৱে প্ৰাণ ল’লে বন্ধুৰ।

এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে লখিমপুৰৰ মৈদমীয়াত।

নিহত যুৱকজন ইৰছাদ আলী (২০) বুলি জানিব পৰা গৈছে।

আনহাতে এই হত্যাকাণ্ড সংঘটিত কৰা যুৱকজন হৈছে আফজত আলী।

জানিব পৰা মতে, বিয়াৰ ৰভাতলীত বন্ধুৱে মিলি লুডু খেলি আছিল। পাছে সেই সময়তে খেল সমন্ধীয় কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হয়। পৰিণতিত এই হত্যাকাণ্ড সংঘটিত হয়।

এই হত্যাকাণ্ড সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন হত্যাকাৰী আফজত আলীৰ।

হত্যাকাৰীৰ লগত আছে আন কেইবাজনো। লখিমপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তাৰেই এজনক।

Leave a Reply

Your email address will not be published. Required fields are marked *