অসম

নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গাঁত খান্দি উলিয়ালে ‘সোণ’ৰ মূৰ্তি আৰু নাও…

নকল সোণৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

অভিযান চলাই গাঁত খান্দি উলিয়ালে ‘সোণ’ৰ মূৰ্তি আৰু নাও।

নগাঁৱৰ পাঠৰিত দেওবাৰে নিশা নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে নকল সোণৰ নাও আৰু যীশু খ্ৰীষ্টৰ মূৰ্তি।

মুক্লেচুৰ ৰহমান নামৰ এটা প্ৰৱঞ্চকে লখিমপুৰৰ পৰা এইদৰে নকল সোণৰ নাও আৰু মূৰ্তি বিক্ৰী কৰি বহু লোকক সৰ্বস্বান্ত কৰি আহিছিল।

দেওবাৰে নগাঁও আৰু ননৈ আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই পাঠৰি কাটনি গাঁৱৰ পৰা মুক্লেচুৰক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে নকল সোণৰ মূৰ্তি আৰু নাও।

ইতিমধ্যে নগাঁও আৰক্ষীয়ে নকল সোণৰ চক্ৰটোৰ মুল অপৰাধীৰ সন্ধানত মুক্লেচুৰক জেৰা অব্যাহত ৰাখিছে

Leave a Reply

Your email address will not be published. Required fields are marked *