অসমীয়াৰাষ্ট্ৰীয়

কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী- “মাতৃ দিৱস”ৰ দৰেই প্ৰতি বছৰে পালন কৰা হওক “পত্নী দিৱস”

নিউজ ডেস্কঃ মাতৃ দিৱসৰ দৰেই দেশত উদযাপিত হওক ‘পত্নী দিৱস’। -এই দাবী কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ।

মহাৰাষ্ট্ৰৰ চাংলিত এক অনুষ্ঠানত অংশ লৈ দেওবাৰে কেন্দ্ৰীয় সামাজিক ন্যায় ৰাজ্যিক মন্ত্ৰী আঠৱালেয়ে কয়, “এগৰাকী মাতৃয়ে সন্তান জন্ম দিয়ে, আনহাতে এগৰাকী পত্নীয়ে ভাল আৰু বেয়া সময়ত তেওঁৰ স্বামীৰ কাষত থিয় হয়।”

তেওঁ পুনৰ কয়, “প্ৰতিজন সফল পুৰুষৰ আঁৰত এগৰাকী মহিলা থাকে। সেয়ে আমি মাতৃ দিৱসৰ দৰে “পত্নী দিৱস” উদযাপন কৰা উচিত।”

উল্লেখ্য যে, প্ৰত্যেক বছৰৰ মে’ মাহৰ দ্বিতীয় দেওবাৰটো আন্তৰ্জাতিক মাতৃ দিৱস হিচাপে পালন কৰা হয়। কিন্তু মাতৃ দিৱসৰ দৰে “পত্নী দিৱস” পালনৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৰা দাবীয়ে এতিয়া চৰ্চা লাভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *