লালকিল্লা হিংসা গোচৰৰ অভিযুক্ত পঞ্জাৱী অভিনেতা দ্বীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু

নিউজ ডেস্ক। ২০২১ৰ কৃষক আন্দোলনৰ সময়ত দিল্লীৰ লালকিল্লাত সংঘটিত হিংসাত্মক ঘটনাৰ অভিযুক্ত পঞ্জাৱী অভিনেতা দ্বীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু

সংবাদ সংস্থা এএনআইয়ে হাৰিয়ানাৰ চনিপট আৰক্ষীৰ উদ্ধৃতি দি প্ৰকাশ কৰা বাতৰি অনুসৰি এক পথ দুৰ্ঘটনাত চনিপটৰ সমীপত মৃত্যু ঘটে দ্বীপ সিদ্ধুৰ।

FLpohreaUAAFpRR
লালকিল্লা হিংসা গোচৰৰ অভিযুক্ত পঞ্জাৱী অভিনেতা দ্বীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু 3

হাৰিয়ানা আৰক্ষীয়ে জানিবলৈ দিয়া মতে অভিনেতাজনৰ বাহনখনে কুণ্ডলী-মানেচাৰ-পালৱাল (কেএমপি) এক্সপ্ৰেছৱেত পিপলি টোলৰ ওচৰত এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰে।

খাৰখোড়া আৰক্ষী থানাৰ পৰিদৰ্শক জছপাল সিঙে জানিবলৈ দিয়া মতে সিদ্ধুৰ এছইউভি বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখনত খুন্দা মৰাৰ ফলত ঘটনাস্থলীতে অভিনেতাজনৰ মৃত্যু ঘটে।

FLptyHCWUAI Fr1
লালকিল্লা হিংসা গোচৰৰ অভিযুক্ত পঞ্জাৱী অভিনেতা দ্বীপ সিদ্ধুৰ দুৰ্ঘটনাত মৃত্যু 4

ইফালে তেওঁৰ সৈতে থকা আন এগৰাকী মহিলা দুৰ্ঘটনাত আহত হয়।

উল্লেখ্য যে, কৃষকৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে জাপি দিয়া তিনিখন কৃষি আইনৰ বিৰুদ্ধে গণৰাজ্য দিৱসত কৃষকৰ ট্ৰেক্টৰ পেৰেডৰ সময়ত লালকিল্লাত সংঘটিত হৈছিল হিংসাত্মক ঘটনা।

এই হিংসাৰ সন্দৰ্ভত সিদ্ধুক ২০২১ চনৰ ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল দ্বীপ সিদ্ধুক।

ইফালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে অভিনেতাজনৰ মৃত্যুত দুখ প্ৰকাশ কৰি কয় “প্ৰখ্যাত অভিনেতা আৰু সমাজকৰ্মী দ্বীপ সিদ্ধুৰ দুৰ্ভাগ্যজনক মৃত্যুৰ বিষয়ে জানি গভীৰভাৱে দুখিত। মোৰ সমবেদনা আৰু প্ৰাৰ্থনা শোকসন্তপ্ত পৰিয়াল আৰু অনুৰাগীসকলৰ সৈতে আছে।”

Leave a Comment