এতিয়াৰে পৰা কাজিৰঙাত পৰ্যটকৰ বাবে নাথাকে কোনো বাধা-নিষেধ, সকলো ক’ভিড বিধি প্ৰত্যাহাৰ…

এতিয়াৰে পৰা কাজিৰঙাত পৰ্যটকৰ বাবে নাথাকে কোনো বাধা-নিষেধ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ ওপৰত থকা সকলো ক’ভিডৰ বাধা-নিষেধ সম্পুৰ্ণৰূপে প্ৰত্যাহাৰ।

ৰাজ্যত ১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড বিধি সমূহ প্ৰত্যাহাৰ কৰাৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো লাঘু হৈ থকা ক’ভিড বিধি সমূহ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

সান্ধ্য আইনৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বে ৬ বজাৰ পৰা হাতী চাফাৰী আৰম্ভ কৰা হৈছিল যদিও এতিয়াৰে পৰা পূৱা ৫.৩০ বজাৰ পৰা হাতী চাফাৰী পুনৰ আৰম্ভ হ’ব।

কেৱল মাস্ক আৰু চেনিটাইজাৰ লগত লৈ সাধাৰণভাৱে পৰ্যটকে কাজিৰঙাত কৰিব পাৰিব চাফাৰী। এই মন্তব্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ DFO ৰমেশ কুমাৰ গগৈৰ।

তেওঁ কয় বতৰে সঁহাৰি জনালে এপ্ৰিলৰ পিছতো কাজিৰঙা পৰ্যটকৰ বাবে মুকলি থাকিব।

উল্লেখ্যে যে বিগত প্ৰায় দুটা বছৰ ক’ভিডৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে পৰ্যটনস্থলীসমূহ। এইক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছিল কাজিৰঙাৰ ব্যৱসায়ী তথা পৰ্যটন উদ্যোগীসকলে। তেওঁলোকৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অহা ১ অক্টোবৰৰ পৰা মুকলি কৰা হৈছিল ৰাষ্ট্ৰীয় উদ্যানখন‌।

কিন্তু ক’ভিডৰ বাবে মুকলি মনেৰে কাজিৰঙা ভ্ৰমণ কৰিব পৰা নাছিল পৰ্যটকসকলে। দুটা ভেকচিনৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন আন আন নিয়ম বান্ধি দিয়া হৈছিল পৰ্যটকসকলৰ বাবে। কিন্তু এতিয়া সম্পূৰ্ণ শিথিলতা অনা হ’ব কাজিৰঙাত।

Leave a Comment