ঘোষণা হ’ল পৰীক্ষা বিহীন মেট্ৰিকৰ ফলাফল, উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ…

পৰীক্ষা বিহীন ভাৱে ঘোষণা মেট্ৰিক আৰু হাইমাদ্ৰাছাৰ ফলাফল।

চলিত বৰ্ষত সৰ্বমুঠ পৰীক্ষাৰ্থী আছিল ৪ লাখ ২৬ হাজাৰ ৫৫৩ গৰাকী।

ইয়াৰ ভিতৰত উত্তীৰ্ণৰ সংখ্যা ৩,৯৭,১৩২ গৰাকী।

চলিত বৰ্ষৰ পৰীক্ষাত হাইমাদ্ৰাছাত অৱতীৰ্ণ হৈছিল ১২,২৭৫ জন পৰীক্ষাৰ্থী আৰু ইয়াৰে ১১,৪৩৮ গৰাকী উত্তীৰ্ণ হয়।

ইয়াৰ প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১ , দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৬০,২৯৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩ গৰাকী।

সৰ্বমুঠ উত্তীৰ্ণ ৩,৯৭,১৩২ গৰাকী । আনহাতে উত্তীৰ্ণৰ হাৰ ৯৩.১০ শতাংশ।

এইবাৰ ঘোষণা কৰা ফলাফল অনুসৰি ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৩.৩৪ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯২.৯০ শতাংশ।

২০২০ চনত এই উত্তীৰ্ণৰ হাৰ আছিল ৬৪.৮০ শতাংশ।

Leave a Comment